চলিত সপ্তাহত উপলব্ধ হ’ব পাৰে ৰাছিয়াৰ কৰ’না ভেকচিন ‘Sputnik V’

russia coroanvirus vaccine sputnik v 1599239860

সমগ্ৰ বিশ্বত সম্প্ৰতি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে এই ভাইৰাছৰ ভেকচিন কেতিয়া দেশত উপলব্ধ হ’ব সেই সম্পৰ্কত চিন্তাচৰ্চা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ভেকচিনৰ সন্দৰ্ভত ৰাছিয়াই দিয়া সুখবৰে সকলোৰে মাজতে আশাৰ বতৰা কঢ়িয়াই আনিছে । ৰাছিয়াৰ ‘Sputnik V’ ভেকচিনৰ প্ৰথম পৰ্যায়টোৱে ইতিমধ্যে সফলতা লাভ কৰে ৷

ইয়াৰ পিছত ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুসৰি গামালেয়া ৰিচাৰ্ছ ইনষ্টিটিউটত অৱ ইপিডেমাইঅ’লজি আৰু মাইক্ৰবায়’লজীয়ে প্ৰস্তুত কৰা ‘Sputnik V Covid’ ভেকচিন অনতিপলমে আহিব সাধাৰণ জনগণৰ মাজলৈ ৷ এই ভেকচিনৰ বিতৰণ স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনত হ’ব ।

আনহাতে, ভেকচিনৰ এই পৰীক্ষাত ৪০,০০০ লোকে কৰিবলৈ মন মেলিছিল । ইয়াৰ পিছতে ৰাছিয়াই ঘোষণা কৰে যে এই ভেকচিনে ইতিমধ্যে সফলতা লাভ কৰিছে ৷ এই সন্দৰ্ভত ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে এতিয়াও ক্লিনিকেল ট্ৰায়েল সম্পূৰ্ণ হোৱা নাই । ৰাছিয়াত প্ৰস্তুত কৰা কৰ’না ভাইৰাছৰ ভেকচিনৰ সুৰক্ষাক লৈ বিশ্বজুৰি চলিছে জল্পনা-কল্পনা ।

এই ভেকচিনৰ ওপৰত  চলোৱা বহুতো পৰীক্ষণৰ পাছত এই ভেকচিন সুৰক্ষিত বুলি গৱেষকসকলে নিশ্চিত কৰিছে । এই ভেকচিনৰ মানৱ শৰীৰত কৰা পৰীক্ষণৰ অন্তত জানিব পৰা গৈছে যে এই ভেকচিনে মানৱ শৰীৰত কৰ’না ভাইৰাছৰ লগত যুঁজ দিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

এই ভেকচিন ট্ৰায়েল কৰা কোনো লোকৰে শৰীৰত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই । ২১ দিনৰ ভিতৰত তেওঁলোকৰ শৰীৰৰ এন্টিবডী উৎপন্ন হোৱা বুলি গৱেষক সকলে জনাইছে । লগতে এই ভেকচিনে শৰীৰত ‘টি-ছেল’ উৎপন্ন কৰিছে যিয়ে কৰ’না ভাইৰাছ ধ্বংস কৰিব পাৰে ৷

‘ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেন্ট ফাণ্ড’ৰ অধ্যক্ষ কিৰিল দ্বিমেত্ৰিয়েভে জনাই যে, ‘এই ভেকচিনৰ ৬০ শতাংশ উৎপাদন ভাৰততে হৈছে । ভেকচিন প্ৰস্তুত কৰাত আমিও ভাৰতক সহায় কৰিম । ভাৰত চৰকাৰ আৰু ভেকচিন নিৰ্মাণকাৰী সকলৰ লগত এই বিষয়ে আলোচনা কৰি থকা হৈছে ।

উল্লেখ্য যে এই ভেকচিনৰ পৰীক্ষণ ৰাছিয়াৰ দুখন হাস্পতালত কৰা হৈছিল । ১৮ৰ পৰা ৬০ বছৰৰ বয়সৰ লোকৰ শৰীৰত এই ভেকচিনৰ ট্ৰায়েল কৰা হৈছে ।

Exit mobile version