- সোমবাৰৰ পৰা পেট্ৰ’ল পাম্পৰ বন্ধ প্ৰত্যাহাৰ কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এচ’ছিয়েশ্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই ৷ উল্লেখযোগ্য যে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এচ’ছিয়েশ্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই গুৱাহাটী মহানগৰীত তেল ডিপোসমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
- বাংলাদেশৰ এটা মছজিদত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ ৷ নাৰায়ণগঞ্জত থকা মছজিদটোৰ বিস্ফোৰণত থিতাতে নিহত হৈছে ১৮গৰাকীকৈ লোক ৷ আনহাতে বিস্ফোৰণত আহত সকলক হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।
- ৰাজ্যত পুনৰ ২৬৯৮গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে । ইয়াৰে কামৰূপ মহানগৰৰ ৭০০, বঙাইগাঁৱৰ ১৯০, লখিমপুৰৰ ১৫১ আৰু কামৰূপৰ ১৪২গৰাকী ব্যক্তি । আনহাতে অসমত মুঠ ১,২৩,৯২২গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে ৷ মৃত্যু হৈছে ৩৫২জন ৷
- এতিয়াৰ পৰা বাইকত দুজন যাত্ৰী উঠিলেও হেলমেট মাস্ক পৰিধান কৰাৰ লগতে ক’ভিড প্ৰটোকল মানি চলিবলৈ অনুৰোধ জনায় গুৱাহাটী যান বাহন আৰক্ষীয়ে।
লকডাউনৰ মাজত দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰা হৈছিল । পৰৱৰ্তী সময়ত পিছৰ আসনত কেৱল মহিলাকহে উঠাৰ অনুমতি প্ৰদান কৰা হৈছিল। - ‘State Business Reform Action Plan 2019 Ranking’ত অসমে ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ২০ নম্বৰ স্থান দখল কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু এই তালিকাত প্ৰথম স্থান দখল কৰিছে অন্ধ্ৰ প্ৰদেশে। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে উত্তৰ প্ৰদেশ আৰু তেলেংগানা।
চাওঁ আহক কেইটামান গুৰুত্বপূৰ্ণ খবৰ
