চিৰাঙত আৰক্ষীৰ মহানুভৱতা

bbd88324 2c6c 4e65 954e c445df3ebb1c

চিৰাঙত পোহৰলৈ আহিছে আৰক্ষীৰ মহানুভৱতা । দৰিদ্ৰজনক সহায়ৰ হাত আৰক্ষী বিষয়াৰ ৷ আজি দুপৰীয়া ৰৌমাৰীৰ এজন ৭০ উৰ্ধ বয়সস্থ ব্যক্তিয়ে বৰষুণত তিতি বুৰি খৰিৰ বোজা কান্ধত লৈ বিক্ৰীৰ বাবে গৈ থকা অৱস্থাত হঠাৎ চিৰাং জিলাৰ ৰৌমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰ্মল চন্দ ডাঙৰীয়াই প্ৰত‍্যক্ষ কৰে।

আৰক্ষী বিষয়া জনে লগে লগে বৃদ্ধজনৰ কান্ধৰ পৰা বিক্ৰীৰ বাবে লোৱা খৰীৰ বোজা নমাই লয় আৰু বৃদ্ধ জনক সোধপোছৰ অন্তত চাউল কিনি দিয়াৰ লগতে আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়ায়। বৃদ্ধ লোকজনে যাতে দোপালপিটা এই বৰষুণৰ দিনত এইদৰে খৰী বিক্ৰীৰ বাবে ওলাব লগীয়া নহয় আৰু অন্তত কেইদিনমান ঘৰতে বহি খোৱাৰ সুবিধা লাভ কৰে তাৰ ব‍্যৱস্থা কৰে। আৰক্ষীৰ খাকি পোচাকৰ মাজতো মানৱতা লুকাই থকাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰে আৰক্ষী বিষয়া জনে ।

এই সন্দৰ্ভত দাউখানগৰ আঞ্চলিক সমিতি এবিএমছুৰ সভাপতি নাছিৰ আলীয়ে কয়” এনে দৰিদ্ৰ বৃদ্ধক সহায় কৰি যি মহানুভৱতাৰ পৰিচয় দিলে আৰক্ষী বিষয়াজনে তাৰ প্ৰতি আমি নথৈ আনন্দিত হৈছো।” লগতে এনে ধৰণৰ সৎ আৰক্ষী বিষয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে ।আনহাতে তেওঁৰ ভবিষ্যত উজ্জ্বল কামনা কৰি কয় যে সমাজৰ প্ৰতিজন লোকেই এই ধৰণৰ দৰিদ্ৰ আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিব লাগে। আচলতে এয়াই মানৱতা আৰু মানুহৰ মাজতেই লুকাই থাকে ভগৱান ৷ লগতে অন‍্যান‍্য বিভিন্ন জনেই আজি আৰক্ষী বিষয়া জনৰ এই মহানুভৱতাৰ সহায়ৰ শলাগ লয় ।

Exit mobile version