তামুলপুৰত ইউপিপিএলৰ নাগৰিক সভা

DSC01779

বিটিআৰ চুক্তি কেৱল বড়ো সকলৰ উন্নয়নৰ কাৰণে স্বাক্ষৰিত হোৱা নাই ৷ বিটিআৰত বসবাস কৰা বড়ো সকলকে ধৰি বিটিআৰত বসবাস কৰা ৩২ লক্ষ মানুহৰ উন্নয়ন সাধনৰ স্বাৰ্থত বিটিআৰ চূক্তি স্বাক্ষৰিত হৈছে ৷ এই ভাষ্য ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ ৷আজি তামুলপুৰ আঞ্চলিক দূৰ্গা মন্দিৰৰ প্ৰাঙ্গনত তামুলপুৰ ব্লক ইউপিপিএলৰ উদ্যোগত অনুস্থিত এক নাগৰিক সভাত এনেদৰে কয় প্ৰমোদ বড়োই ৷

ভাষণ প্ৰসংগত বড়োই পুনৰ কয়, বড়ো জাতিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত তেওঁ সূদীৰ্ঘ কাল নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত জড়িত হৈ জাতীয় সংগ্ৰামত নেতৃত্ব দিছিল ৷ এবছু তেওঁৰ কাৰণে এখন বিশাল গ্ৰন্থ ৷ এবছুক নেতৃত্ব দি তেওঁ বহুত কথা শিকিলে ৷ কিন্তু বড়ো জাতিৰ উন্নয়নৰ নামত কিছুমানে সশস্ত্ৰ সংগ্ৰাম কৰি বহু ডেকা বড়ো যুৱকে অকালতে মৃত্যু বৰণ কৰিলে ৷ কিন্তু ৩০ -৪০ বছৰ জোৰা সশস্ত্ৰ সংগ্ৰামে বড়ো জাতিৰ বহু ক্ষতি কৰিলে ৷

এবচুৰ লগত সূদীৰ্ঘ কাল জড়িত হৈ তেওঁ এটা কথা উপলদ্ধি কৰিব পাৰিলে, কোনোবাই জাতি উদ্ধাৰৰ বাবে কৰা সশস্ত্ৰ সংগ্ৰাম চৰকাৰৰ বাবে একো ডাঙৰ সমস্যা নহয় ৷ যাৰ বাবে সময়ে সময়ে হিংসাত্মক ঘটনা ঘটিলে চৰকাৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান নকৰে ৷ সেয়েহে ৰাজনৈতিকভাৱে বড়ো জাতিৰ সমস্যা সমাধান কৰাৰ অইন জনজাতি জনগোষ্ঠীৰো উন্নয়ন সাধনৰ স্বাৰ্থত বিটিআৰ চূক্তিত স্বাক্ষৰ কৰিছিল ৷

সম্প্ৰতি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত চূক্তিৰ প্ৰতিটো দফা কাৰ্যত ৰূপায়ন কৰাৰ বাবে বিটিআৰত বসবাস কৰা প্ৰতিগৰাকী বুদ্ধিজীৱিৰ লগতে সমাজৰ প্ৰতিগৰাকী লোকৰ দিহা পৰামৰ্শৰ প্ৰয়োজন ৷ সেই উদ্দেশ্য আগত ৰাখিয়েই আজি তামুলপুৰৰ পৰাই সমাজৰ প্ৰতিগৰাকী লোকৰ গঠন মূলক দিহা পৰামৰ্শ বিচাৰি এই অভিযানৰ পাতনি মেলা হৈছে ৷ বিটিআৰ চূক্তি স্বাক্ষৰিত হোৱাৰ পাছত পৰিৱৰ্তন বিচৰা বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ বিপুল সমৰ্থনত ইউপিপিএল দলে নিৰ্বাচনত অৱতীৰ্ন হৈছে ৷ ৰাইজৰ বিপুল সহাৰিয়ে নিশ্চিত কৰিছে এইবাৰ নিৰ্বাচনত ইউপিপিএল দলে পৰিষদ দখল কৰিব ৷

এইবাৰ বিটিচিত ৰাইজৰ চৰকাৰ হ’ব ৷ বিগত সোতৰ বছৰে বিপিএফৰ দৰে ৰজাই লুটিপুটি খোৱা চৰকাৰ নহয় ৷ সকলো ধৰণৰ উন্নয়ন মূলক কাম ৰাইজৰ লগত আলোচনা কৰি কৰা হ’ব ৷ সকলো ধৰণৰ উন্নয়নৰ কামত ৰাইজক প্ৰত্যক্ষভাৱে জড়িত কৰা হ’ব ৷ ভাষণ প্ৰসংগত বড়োই পুনৰ কয় যে, বিটিআৰ চুক্তি খন কেৱল বড়ো জাতিৰ উন্নয়ন কৰিব বুলি কৈ হাগ্ৰামা মহিলাৰী,হীৰা শৰনীয়া আদিয়ে ৰাইজক বিভ্ৰান্ত কৰি আছে ৷ কিন্তু বিটিআৰ চুক্তিত প্ৰতিটো দফাতে বিটিআৰত বসবাস কৰা প্ৰতিটো জাতিৰে ভূমিৰ অধিকাৰকে ধৰি বিভিন্ন অধিকাৰ, সম উন্নয়নৰ কথা স্পষ্টকৈ উল্লেখ আছে ৷

তেওঁলোকে বিটিআৰ চুক্তিৰ ক’ত অকল বড়ো জাতিৰ উন্নয়নৰ কথা লিখা আছে তাক দেখুৱাই দিবলৈ তেওঁ আহ্বান জনাই ৷ ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুস্থিত আজিৰ নাগৰিক সভাত ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মুজিব আলি আহমেদ, কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য অজিত কলিতা, বানীকান্ত বসুমতাৰী সহ তামুলপুৰ মহকুমাৰলবিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ শতাধিক নাগৰিক উপস্থিত থাকে ৷

Exit mobile version