পাকিস্তানৰ গুলিত পুনৰ এজন ভাৰতীয় জোৱানৰ মৃত্যু

featured image

পুৱাই এজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু হোৱা খবৰ আহিছে। কাশ্মীৰৰ কুপৱাৰ নাওগাম ছেক্টৰত পাক সেনাই কৰা গুলীচালনাৰ ফলত মৃত্যু হৈছে এজন ভাৰতীয় সেনা জোৱানৰ ৷ শ্বহীদ জোৱান জনৰ নাম ভূপিন্দৰ সিং ৷ তেওঁ সেনাৰ ১৭ নং ৰেজিমেণ্টৰ জোৱান আছিল।

এই সন্দৰ্ভত ভাৰতীয় সেনাৰ মুখপাত্ৰ ৰাজেশ কালিয়াই সদৰী কৰা অনুসৰি পুৱাৰ ভাগত পাকিস্তানৰ সেনাই নাওগামত গুলী আৰু মৰ্টাৰেৰে আক্ৰমণ চলোৱাৰ পিছতে ভাৰতীয় সেনায়ো গুলীৰে প্ৰত্যুত্তৰ দিয়ে।

আনহাতে দুয়ো পক্ষৰ মাজত চলি থকা সংঘৰ্ষৰ ফলত তিনিজন ভাৰতীয় সেনাৰ জোৱান আহত হয় । আহত জোৱান কেইজনক সেনাৰ বেছ হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও এজন জোৱানৰ মৃত্যু ঘটে । ইপিনে পাকিস্তানী সেনাই পুৱাৰ ভাগতে শ্বাহপুৰ, দেগৱাৰ আৰু কাৰ্ণি অঞ্চলত গুলীবৰ্ষণ কৰি থকাত সেই অঞ্চলত বাস কৰা লোকসকলে ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হৈছে ।

উল্লেখ্য যে ভাৰত পাকিস্তানৰ সেনাৰ এই সংঘৰ্ষ নতুন নহয় ৷ প্ৰায়ে এই সংঘৰ্ষৰ ফলত শ্বহীদ হৈ ভাৰতীয় সেনা । ২,৭৩০ বাৰ যুদ্ধ বিৰতি উলংঘা কৰি ভাৰতৰ ভূখণ্ডলৈ গুলীবৰ্ষণ কৰিছে পাকিস্তানে । ফলত মৃত্যু ঘটিছে ৪৭ জন লোকৰ ৷

Exit mobile version