বন্যহস্তীৰ চিকাৰ আৰু হাতী দাঁতৰ ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে চিৰাং জিলা : বন্দুকসহ হাতী দাঁতৰ ব্যৱসায়ী গ্ৰেপ্তাৰ

WhatsApp Image 2020 09 06 at 6.05.42 PM

বন্যহস্তী চিকাৰ আৰু হাতীদাঁতৰ চোৰাং ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে চিৰাঙৰ বনাঞ্চল । যোৱাকালি চিৰাং বন বিভাগে জিলাখনৰ ৰুণীখাটা থানাৰ অধীনৰ লাওপানী আশ্ৰাবাৰী গাঁৱত অভিযান চলাই এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে চিকাৰীটোৰ পৰা এটা বন্দুক জব্দ কৰে ।

বন বিভাগৰ অভিযানত ডাফলা ওৰফে উত্তম নাৰ্জাৰী (৩০) নামৰ চোৰাং চিকাৰী জনক গাঁওবাসীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বন বিভাগে । চিৰাং বন সংমণ্ডল প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়া মতে, বিগত ৫ আগষ্টত জিলা খনৰ ভাৰত ভূটান সীমান্তৰ লাইমুতি এলেকাৰ জয় বাংলা গাঁৱৰ পৰা দুটা হাতী দাঁতৰ লগতে গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী জীৱেশ্বৰ বসুমতাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত উত্তম নাৰ্জাৰীক বন্দুকসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আজি চিকাৰীজনে বন বিভাগৰ লোকক বন‍্যহস্তী চিকাৰ কৰা ঠাইলৈ লৈ যায় আৰু মৃত বনৰীয়া হাতীটো দেখুৱায় । চিকাৰী জনৰ বিৰুদ্ধে চিৰাং বন বিভাগে বন‍্যহস্তী হত‍্যা কৰি হাতী দাঁতৰ চোৰাং ব‍্যৱসায় কৰাৰ অপৰাধত বন আইনৰ কে’বাটাও ধাৰাত গোচৰ পঞ্জীয়ন কৰে ।

আজি চিকাৰী জনৰ ক’ভিড পৰীক্ষা কৰাত ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়। বৰ্তমান কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ৰ আইছ’লেচনত ৰাখিছে চিকাৰী জনক। উল্লেখ্য যে কিছুদিন পূৰ্বেও চাৰিটাকৈ হাতীদাঁতৰ লগতে দুজনকৈ চোৰাং হাতীদাঁতৰ ব্যৱসায়ীক আৰক্ষী আৰু চিৰাং বন বিভাগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

শেহতীয়াকৈ চিৰাং জিলাত উগ্ৰপন্থীৰ সমস‍্যা নোহোৱা হৈছিল যদিও বন‍্যহস্তী চিকাৰী আৰু হাতীদাঁতৰ চোৰাং ব্যৱসায়ীয়ে বাহৰ পাতি লোৱা পৰিলক্ষিত হৈছে । দুদিন পূৰ্বেও জিলাখনৰ ভাৰত-ভূটান সীমান্তত গুলিবিদ্ধ মৃত হাতী উদ্ধাৰ হৈছিল । চিৰাং বন বিভাগে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।

Exit mobile version