বেইৰুট বিস্ফোৰণৰ এমাহ

114258767 ebc2a92b e465 475a 8f9b fa01c43277c9

বেইৰুটত এমাহ পূৰ্বে সংঘটিত বিধ্বংসী বিস্ফোৰণৰ ধ্বংসস্তূপৰ তলত এতিয়াও কোনো জীৱিত লোক আছে। উদ্ধাৰ কাৰ্যত ব্যস্ত থকা অভিযানকাৰী দলৰ বিশেষ যন্ত্ৰৰ সহায়ত সহায়ত হৃদস্পন্দনৰ সংকেত লাভ কৰা হৈছে ধ্বংসস্তূপৰ তলৰ পৰা। শুনিবলৈ আচৰিত যেন লাগিলেও এই কথা সত্য । যোৱা বৃহস্পতিবাৰে বিশেষ যন্ত্ৰত এই হৃদস্পন্দন ধৰা পৰে।

অসম্ভৱ যেন লাগিলেও কিছু আশ্চৰ্যকৰ হোৱাৰ আশা লৈ ধ্বংসস্তূপৰ তলত এতিয়া জীৱিত লোকৰ সন্ধান আৰম্ভ কৰিছে অভিযানকাৰী দলে। হৃদস্পন্দনৰ সংকেত লাভ কৰা ধ্বংসস্তূপৰ কেন্দ্ৰস্থলত উপনীত হোৱাৰ চেষ্টাত অগ্ৰসৰ হৈছে লেবানন আৰু চিলিৰ যৌথ অভিযানকাৰী দলে।

ঘটনাৰ সূত্ৰপাত হয় যোৱা বুধবাৰে। চিলিৰ অভিযানকাৰী দলৰ লগত আছিল এটা স্নিফাৰ ডগ। এটি প্ৰায় ধূলিস্যাৎ হোৱা ভৱনৰ তলত কিবা এটা গোন্ধ লাভ কৰে কুকুৰটোৱে। ইয়াৰ পাছত ধ্বংসস্তূপৰ তলত কোনো লোক জীৱিত থকাৰ ইংগিত দিয়ে। কিন্তু বুধবাৰে উদ্ধাৰ অভিযান চলোৱাটো সম্ভৱ নহ’ল ।

বৃহস্পতিবাৰে ব্ৰহ্মপুৱাতে ধ্বংসস্তূপৰ তলত জীৱিত লোকৰ সন্ধান কৰিবলৈ এটা বিশেষ যন্ত্ৰ অনা হয় । এই যন্ত্ৰই ধ্বংসস্তূপত জীৱিত লোকৰ হৃদস্পন্দনৰ সংকেত প্ৰদান কৰে। প্ৰতি মিনিটত কিমানবাৰ হৃদস্পন্দন হৈছে সেই কথাৰো উমান দিয়ে যন্ত্ৰটোৱে।

ইয়াৰ পাছত তৎপৰতাৰে অভিযান আৰম্ভ কৰে দুয়ো দেশৰ যৌথ উদ্ধাৰকাৰী দলে। কিন্তু বৃহস্পতিবাৰে ধ্বংসস্তূপ আঁতৰাই হৃদস্পন্দনৰ উৎসস্থল পর্যন্ত পোৱাত ব্যৰ্থ হয় অভিযানকাৰী দল। অৱশ্যে অভিযান অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৱে।

উল্লেখ্য যে, যোৱা ৪ আগষ্টত ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল লেবাননৰ বেইৰুট বন্দৰ অঞ্চল। সংঘটিত দুটাকৈ বিস্ফোৰণৰ তীব্ৰতা ইমানেই ব্যাপক আছিল যে ১০ কিলোমিটাৰ পর্যন্ত অঞ্চলত থকা ঘৰ-দুৱাৰৰো বহু ক্ষতি হৈছিল।

এই বিস্ফোৰণৰ কঁপনি বেইৰুটৰ পৰা ২৪০ কিলোমিটাৰ পশ্চিমৰ চাইপ্ৰাচ দ্বীপত অনুভূত হৈছিল। বিস্ফোৰণত ১১৯ জনৰ মৃত্যু হোৱাৰ হোৱাৰ লগতে কে’বাশ লোক আহত হৈছিল। ঘটনাৰ পাছত বৰ্তমানলৈ সাতজন লোক সন্ধানহীন হৈ আছে।

Exit mobile version