সফলতাৰে অন্ত পৰিল ভাৰত-ইৰানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকঃ সদৰী কৰিলে ৰাজনাথ সিঙে

EhNkENUU8AEJvjZ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি মন্তব্য কৰে যে ইৰানৰ প্ৰতিৰক্ষা মন্ত্ৰী আমিৰ হাটামিৰ লগত হোৱা বৈঠকখন সফল হৈছে । দুয়োগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত বৈঠকখনৰ জৰিয়তে দ্বিপাক্ষিক সম্বন্ধ বৃদ্ধি কৰা আৰু আফগানিস্থানৰ লগতে বাকী অঞ্চলসমূহৰ সুৰক্ষাৰ সন্দৰ্ভত চৰ্চা হয়।

ADVERTISEMENT

উল্লেখযোগ্য যে ৰাজনাথ সিং ‘Shanghai Cooperation Organisation’ৰ আন্দোলনত ভাগ ল’বৰ কাৰণে মস্কোলৈ গৈছিল ৷ ইয়াৰ তিনিদিনৰ পিছত শনিবাৰে ৰাজনাথ তেহৰানত উপস্থিত হয় ৷ ৰাজনাথ সিঙে মস্কো, ৰাছিয়া , চীন আৰু মধ্য এছিয়া আদি দেশৰ লগত দ্বিপক্ষীয় বাৰ্তা অনুষ্ঠিত কৰে ।

ৰাজনাথ সিঙে টুইটাৰ যোগে জনায় যে তেহৰানত ইৰানৰ প্ৰতিৰক্ষা মন্ত্ৰী ব্ৰিগ্ৰেডিয়াৰ জেনেৰেল আমিৰ হতামীৰ লগত হোৱা আলোচনা সফল হয় ৷ লগতে তেওঁলোকে আফগানিস্তানৰ লগতে ক্ষেত্ৰীয় সুৰক্ষা আৰু দ্বিপাক্ষিক সহযোগৰ ওপৰত চৰ্চা কৰাৰ কথাও সদৰী কৰে । আনহাতে ৰাজনাথ সিং আৰু আমিৰ হতামীৰ বৈঠকখন বহুত সৌহাৰ্দ্যপূৰ্ণভাৱে হোৱাৰ বিষয়েও সদৰী কৰে।

Exit mobile version