অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠী সকলৰ ভিতৰত অন্যতম তিৱা জনগোষ্ঠীৰ লোকসকল । তিৱা জনগোষ্ঠীৰ লোক সকলক বাদ দি মৰিগাঁও জিলাৰ কথা ভাবিবই নোৱাৰি । সম্প্ৰতি তিৱা জনগোষ্ঠীয় বিভিন্ন লোকাচাৰ কলা-সংস্কৃতি, ভাষা আৰু সাহিত্যৰ শ্ৰী বৃদ্ধিৰ বাবে বিভিন্ন জনে গৱেষণা কৰি জনগোষ্ঠীটোৰ কলা-সংস্কৃতিৰ লগতে বিভিন্ন লোকাচাৰ আৰু ঐতিহ্যক সংৰক্ষণ কৰিবৰ বাবে চেষ্টা কৰিছে । এনে কৰ্মৰে তিৱা জনগোষ্ঠীটোক সৰ্বদিশতে জাকত জিলিকা কৰি তুলিবলৈ বহু লোকেই আগবাঢ়ি আহিছে ।
তিৱা সাহিত্য সংস্কৃতিৰ সৈতে জড়িত এনে বহু কেইটা পৰিয়ালৰ ভিতৰত মৰিগাওঁ জিলাৰ বাৰপূজীয়াৰ স্বৰ্গীয় গনেশ চন্দ্ৰ সেনাপতিৰ পৰিয়ালটো অন্যতম এটি পৰিয়াল । উল্লেখ্য যে জ্যেষ্ঠ ভাতৃ বলাই ৰাম সেনাপতি আৰু গনেশ সেনাপতি দুয়োগৰাকীয়েই তিৱা সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল । বৰ্তমান সময়ত পিতৃ আৰু বৰদেউতাকৰ পদাংকন অনুকৰণ কৰি তিৱা সাহিত্য সভাৰ সক্ৰিয় সৈনিক হিচাপে সেৱা আগবঢ়াই বিদ্যুত বিকাশ সেনাপতি অধিষ্ঠিত হৈছে তিৱা সাহিত্য সভাৰ সম্পাদকৰ দৰে সন্মানীয় পদত।
বিদ্যুত বিকাশ সেনাপতিৰ মাজত সাহিত্য কৰ্মত নৈপুণ্যতা থকাৰ উপৰিও তেওঁ এজন সু-কণ্ঠ শিল্পী । ড° ভূপেন হাজৰিকাৰ ভীষণ অনুৰাগী তেওঁ । সৰু কালৰ পৰাই তেওঁ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰি আহিছে । সুধাকণ্ঠ হাজৰিকাৰ মৃত্যুৰ পাছতে তেওঁ শিল্পী জনাৰ গীতসমূহ তিৱা ভাষালৈ অনুবাদ কৰাৰ কথা চিন্তা চৰ্চা কৰে ।
এই সন্দৰ্ভত তেওঁ বহুকেইজন শিল্পী সাহিত্যিকৰ পৰামৰ্শ লয় । তেওঁৰ এনে প্ৰয়াসক বহু কেইজন বিজ্ঞ লোকৰ লগতে তিৱা লোক সংগীতৰ সাধক মাতৃ দময়ন্তী সেনাপতি আৰু পত্নী নমিতা বৰদলৈয়ে প্ৰেৰণা যোগায় ।
কিন্তু অনুবাদত হাত দিওতেই তেওঁ প্ৰথম খোজত কিছু অসুবিধাৰ সন্মুখীন হয়। প্ৰথমে তেওঁ ভূপেন হাজৰিকাৰ অমৰ সংগীত “মানুহে মানুহৰ বাবে” গীতটো অনুবাদ কৰিবলৈ লয়। গীতটো অনুবাদ কৰাৰ ক্ষেত্ৰত তেওঁক সহায় কৰে বাদল মুনি আৰু পবিত্ৰ লাডুৰে। গীতটো অনুবাদ কৰি তিৱা ভাষাত বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰাত যথেষ্ট সমাদৰ লাভ কৰে।
পৰৱৰ্তী সময়ত লাল চিং মাডাৰ, ৰিমল আৰ্মচি, হৰ চিং খলাৰ, ফ্ৰেন্সিচ মাছলাই, উফিং মাছলাই আদি তিৱা সাহিত্যত দখল থকা বহু কেইজন লোকৰ দিহা পৰামৰ্শ লৈ ইটোৰ পাছত সিটো ভূপেন হাজৰিকাৰ গীত তিৱা ভাষালৈ অনুবাদ কৰে। বৰ্তমান সময়লৈ বিদ্যুত বিকাশ সেনাপতিয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৬০ টি যুগজয়ী বিভিন্ন ভাৱৰ গীত তিৱা ভাষালৈ অনুদিত কৰাৰ লগতে নিজে বিভিন্ন মঞ্চত হাজৰিকাৰ সেই গীত সমূহ তিৱা ভাষাত পৰিৱেশন কৰি যথেষ্ট সমাদৰ লাভ কৰিছে ।
এই গীত সমূহ পুথি আকাৰে তিৱা ভাষাত প্ৰকাশ কৰাৰো কাম হাতত লৈছে তেওঁ। ভূপেন হাজৰিকাৰ জিলিকাব লুইতৰে পাৰ, তুমি বিয়াৰ নিশা, তোমাৰ উশাহ কহুৱা কোমল, গৌৰিপৰীয়া গাভৰু দেখিলো, বিস্তীৰ্ণ পাৰৰে, সাগৰ সংগমত কতনা সাঁতুৰিলো , আই তোক কিহেৰে পুজিমে, অ’ মোৰ ধৰিত্ৰী আই, হে হে ঢোলে ডগৰে, মেঘে গিৰ গিৰ কৰে আদিকে প্ৰমোখ্য কৰি বহু কেইটি বিখ্যাত গীত ইতিমধ্যে তিৱা শিল্পী গৰাকীয়ে তিৱা ভাষালৈ অনুবাদ কৰে ।
প্ৰতিবেদকৰ স’তে হোৱা সাক্ষাৎকাৰত তেখেতে কয় যে অনুবাদ সাহিত্যই একোটা ভাষাৰ শ্ৰী বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। ভূপেন হাজৰিকাৰ দৰে এজন শিল্পীয়ে সৃষ্টি কৰি থৈ যোৱা উচ্চ মানৰ গীত সমূহ তিৱা ভাষালৈ অনুবাদিত হলে তিৱা ভাষাৰ শ্ৰী বৃদ্ধিত ই সহায়ক হব। অৱশ্যে ভূপেন হাজৰিকাৰ গীতৰ শব্দ শৈলী যথেষ্ট উচ্চ মানৰ। সেয়ে গীত সমূহ অনুবাদ কৰোতে গীতৰ শব্দ শৈলীৰ যাতে স্বকীয়তা ৰক্ষা পৰে তাৰ প্ৰতি চকু দিব লাগে।
তদুপৰি তেওঁ কয় – অকল তিৱা ভাষাতে নহয় সুধাকণ্ঠৰ প্ৰতিটো গীত অসমৰ প্ৰতিটো ভাষালৈ অনুবাদ হ’ব লাগে। হাজৰিকাৰ গীত সমূহৰ পাছত বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা, ৰুদ্ৰ বৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা আদি অসমৰ মহান শিল্পী সকলৰ গীত সমূহো তিৱা ভাষালৈ অনুবাদ কৰাৰ পৰিকল্পনা আছে বুলি কয় বিদ্যুত বিকাশ সেনাপতিয়ে।
বাৰপূজীয়াস্হিত সেনাপতিৰ ঘৰ খনত আছে শিল্প সাধনাৰ এক সুন্দৰ বাতাবৰণ। তেওঁৰ পৰিয়ালৰ প্ৰতিজন লোকৰে আছে তিৱা জাতীয় শিল্প সংস্কৃতিৰ প্ৰতি এক দায়বদ্ধতা। সেই পৰিবেশে তেওঁক এনে কৰ্মৰ বাবে সদায় উদ্বুদ্ধ কৰি আহিছে বুলিও কয় শিল্পী জনে। নিশ্চিত ভাৱে বিদ্যুত বিকাশ সেনাপতিৰ এনে প্ৰয়াসে তিৱা গীতি সাহিত্যক এক সুকীয়া মাত্ৰা প্ৰদান কৰিব।