অ’ এন জি চিত ক’ভিড প্ৰটকল ভংগ : ব্যাপক প্ৰতিক্ৰিয়া

123597 coronavirus 2

শিৱসাগৰৰ অ’ এন জি চিৰ কে’বাটাও ড্ৰিলিং ৰিগত কৰ্মৰত বহুলোকৰ ক’ভিড পজিটিভ ধৰা পৰিছে । ইয়াৰে ৰিগ নং ১৪০০-১৩ ত প্ৰায় ৩০ জন, ১৪০০-৪ ত ৫ জন, ১৪০০-৬ ত ১২জন, আৰ্মক-১ ত ৯ জনকৈ লোকৰ পজিটিভ ধৰা পৰিছে ।

কিন্তু এই সকলোবোৰ আওকাণ কৰি “হেড ড্ৰিলিং চাৰ্ভিচ” গৰাকীয়ে ক’ভিড প্ৰট’কল ভৰিৰে মোহাৰি কৰ্মচাৰীসকলক বিপদৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

কে’বাটাও ৰিগৰ অসম পুলিচ বেটেলিয়নসকলৰ ক’ভিড পৰীক্ষাৰ ফলাফল নহাকৈয়ে কৰ্মচাৰীসকলক কামত যোৱাৰ বাবে কঠোৰ নিৰ্দেশ দিছে। অন্যথা ছুটি মঞ্জুৰ নকৰা, দৰমহা কৰ্তন কৰাৰ ভীতি প্ৰদৰ্শন কৰি কৰ্মচাৰীসকলক কৰ্মস্থলীলৈ আহিবলৈ বাধ্য কৰাৰ বিষয়ে জানিব পৰা গৈছে ।

ইফালে অ’ এন জি চিৰ সুৰক্ষা বিষয়া অজয় কুমাৰ দাসৰ আন এক নিৰ্দেশক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ চুবুৰীয়া জিলাকেইখনৰ পৰা শিৱসাগৰলৈ আহিবলগীয়া অ’ এন জি চিৰ বিষয়া-কৰ্মচাৰীসকলক অ’ এন জি চিৰ আবাসিক এলেকাত থাকিবলৈ দিয়াৰ পৰিৱৰ্তে হোটেলত থাকি ক’ভিড পৰীক্ষা কৰাৰ নিৰ্দেশ জাৰি কৰিছে ৷

অথচ চৰকাৰে ক’ভিড ৰোগীকো শেহতীয়াকৈ ঘৰত থকাৰ সুযোগ দিছে ৷ লগতে নাজিৰা প্ৰশাসনেও কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন হৈছে।

আনহাতে, ৰিগৰ সকলো কৰ্মচাৰীয়ে অ’ এন জি চিৰ ক’ভিড প্ৰট’কল সঠিকভাৱে মানি চলাৰ ক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে ।

Exit mobile version