আকাশৰ পৰা ড্ৰোনৰে পেলোৱা হ’ল পেকেট

Screenshot 58

ব্যস্ত ৰাজপথ, গিজগিজাই আছে মানুহৰে । ইয়াৰ মাজতে বৰষুণৰ দৰে আকাশৰ পৰা পৰিবলৈ লৈছে প্লাষ্টিকৰ সৰু সৰু পেকেট । যান-বাহন আৰক্ষীয়ে আকাশৰ পৰা মাটিত পৰা পেকেট বিলাক একেলগ কৰিবলৈ চেষ্টা কৰিলেও এই ক্ষেত্ৰত উৎসাহী জনতাৰে মোকাবিলা কৰাত ব্যৰ্থ হৈছে।প্লাষ্টিকৰ পেকেট বিলাকত আছিল গাঞ্জা ।

ADVERTISEMENT

এই ঘটনা সংঘটিত হৈছে ইজৰাইলৰ ৰাজধানী চহৰ তেল আভিভত।চহৰখনৰ জনপ্ৰিয় স্থান ৰাবিন স্কোৱেৰত ড্ৰোনৰ সহায়ত আকাশৰ পৰা গাঞ্জাৰ পেকেটবিলাক পেলাইছে ‘দা গ্ৰীণ ড্ৰোনছ’ নামৰ এটি দলে ।ইজৰাইলত গাঞ্জাক বৈধ ঘোষণা কৰাৰ দাবী জনাইছে এই দলটোৱে । নিজৰ কৰ্মসূচীৰ প্ৰচাৰৰ বাবেই এই অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰে দলটোৱে । এই সমগ্ৰ ঘটনাৰ এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত প’ষ্ট্ কৰিছে ‘দা গ্ৰীণ ড্ৰোনছে’।

প্লাষ্টিকৰ পেকেট বিলাকৰ প্ৰতিটোতে দুই গ্ৰামকৈ গাঞ্জা আছিল । এনেদৰে প্ৰায় এক কিলোগ্ৰাম গাঞ্জা বিলাই দিয়া হয় । গ্ৰীণ ড্ৰোনছে ঘোষণা কৰা অনুসৰি ‘গাঞ্জাৰ বৰষুণ’ নামৰ এটি প্ৰকল্প গ্ৰহণ কৰিছে । এই প্ৰকল্পৰ অংশ স্বৰূপেই দেশৰ বিভিন্ন স্থানত প্ৰতি সপ্তাহত এবাৰকৈ ড্ৰোনৰ সহায়ত আকাশৰ পৰা গাঞ্জা বিতৰণ কৰা হ’ব ।

Exit mobile version