Guwahati murder:
ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী ৷ ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে অপৰাধমূলক কাৰ্য ৷ কাৰ্যত চৰম নিৰাপত্তাহীনতা ভূগিছে মহানগৰবাসী ৷ বিশেষকৈ শেহতীয়াকৈ দুৰ্বৃত্তৰ টাৰ্গেট হৈছে অকলশৰে থকা বয়োজ্যেষ্ঠ লোকক ৷
মঙলবাৰে পুনৰ মহানগৰীত সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ অকলে বাস কৰা এগৰাকী মহিলাক হত্যা কৰি পুতি থৈ গ’ল হত্যাকাৰীয়ে ৷ এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ছয়মাইলৰ ফকৰুদ্দিন আলী আহমেদ পথৰ ৰংপুৰ উপপথত ৷ উপ-পথটোৰ ৫ নং গৃহত অকলে বাস কৰিছিল অৱসৰপ্ৰাপ্ত মহিলা গৰাকী ৷
মহিলা গৰাকীক হত্যা কৰি ঘৰটোৰ চৌহদতে থকা শিলৰ দ’মত পুতি থৈ যায় হত্যাকাৰীয়ে ৷ দুই তিনিদিন পূৰ্বে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ মহিলা গৰাকীক নেদেখা স্থানীয় লোকে সোমবাৰে দাখিল কৰিছিল এজাহাৰ ৷
ইতিমধ্যে স্থানীয় লোকৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে মৃতদেহৰ অৱস্থান ধৰা পেলাই ৷ বর্তমানলৈ পোহৰলৈ অহা নাই হত্যাৰ কাৰণ আৰু মহিলা গৰাকীৰ হত্যাকাৰী। হত্যাৰ বলি হোৱা মহিলা গৰাকী শ্বায়েৰা চুলতান বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷






























