কাকচাং জলপ্রপাতত সন্ধানহীন হোৱা দুজন ছাত্রৰ মৃতদেহ উদ্ধাৰ

IMG 20200907 WA0012

বোকাখাতৰ সমীপৰ কাৰ্বি আংলং জিলাৰ দলামৰা থানাৰ অন্তৰ্গত কাকচাং বা কাইফুলাংচু জলপ্রপাতত দেওবাৰে ডুব যোৱা দুজন ছাত্র গোলাঘাট নগৰৰ বিভাকৰ নাগ(১৮) আৰু সুদীপ বক্সি (১৬) ৰ মৃতদেহ জলপ্রপাতৰ পৰা উদ্ধাৰ হয়। কালি গোলাঘাট নগৰৰ পৰা মটৰ চাইকেলেৰে আঠজন ছাত্র বোকাখাতৰ কাকচাং জলপ্রপাতত প্ৰাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ আহিছিল। তেওঁলোকে পানীত গা ধুই থাকোতে পানীয়ে উটুৱাই নিয়ে।

পাহাৰীয়া জলপ্রপাতত বৰষুণৰ ফলত পানী বৃদ্ধি হৈ আছিল।যাৰ কাৰণে যুৱকদ্বয়ক লগৰীয়াসকলে উদ্ধাৰৰ চেষ্টা কৰিও ব্যৰ্থ হয়। বিয়লি চাৰিবজাত ঘটনা ঘটে। যুৱকৰ দলটোৱে স্থানীয় লোকৰ সহায়ত আৰক্ষীক খবৰ দিয়ে। কিন্তু আন্ধাৰৰ বাবে কালি উদ্ধাৰ অভিযান বন্ধ ৰাখে আৰক্ষীয়ে। ইপিনে আজি পুৱা মৃতদেহ দুটা উদ্ধাৰ কৰি গোলাঘাটলৈ প্ৰেৰণ কৰা হয়। মৃত যুৱকদ্বয়ৰ লগত থকা যুৱকসকল আছিল , সুভম পাল, কুনাল দে, আয়ুষধৰ, অভিষেক ঘোষ, সুমিত চৰকাৰ আৰু ৰাজু ঘোষ।

Exit mobile version