বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আশু আৰোগ্য কামনাৰে সত্ৰ, মন্দিৰ, মছজিদত প্ৰাৰ্থনা

f57712ca c637 41a8 921b 590c9a0f1540

পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আশু আৰোগ্য কামনাৰে আজি সমষ্টিটোৰ বিভিন্ন সত্ৰ, মন্দিৰ-মছজিদত চাকি-বন্তি প্ৰজ্বলন কৰা হয়। উল্লেখ্য যে, যোৱা ২৫ আগষ্টৰ পৰা বিধায়কগৰাকী ক’ভিড-১৯ ত আক্ৰান্ত হৈ জি এম চি এইচত চিকিৎসাধীন হৈ আছে। বিধায়কগৰাকী অতি সোনকালে আৰোগ্য লাভ কৰি পূৰ্বৰ দৰে যাতে সমষ্টিটোৰ উন্নয়নমূলক কাম-কাজত সক্ৰিয়ভাৱে জড়িত হ’ব পাৰে সেইবাবে আজি সমষ্টিটো গ্ৰামাঞ্চলৰ বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ, মছজিদ আদিত শুভাকাংক্ষী সকলে প্ৰাৰ্থনা কৰে।

সমষ্টিটোৰ মাজিৰগাঁও বৰুৱাপাৰা ৰাজহুৱা নামঘৰ, আগছিয়া শংকৰ মন্দিৰ, সৰু আগছিয়া ৰাজহুৱা নামঘৰ, বৰঝাৰ ৰাজহুৱা নামঘৰ, ভেল্লা কাৰিপাৰা নামঘৰ, সাটেইখাৰ মাটি ফুটা সত্ৰ, কেওটপাৰা মনসা মন্দিৰ, হাটখোৱাপাৰা বুঢ়া মছজিদ, ভট্টাপাৰা ৰাজহুৱা নামঘৰ, মিৰ্জাপুৰ শিৱ মন্দিৰ, গাড়ীগাঁও দৰগাহ, সজ্জনপাৰা দুৰ্গা মন্দিৰ, পাটগাঁও পুৰণা দুৰ্গা মন্দিৰ, বঙৰা জামে মছজিদ, বৰ ফুলগুৰি সত্ৰ, সৰু ফুলগুৰি সত্ৰকে আদি কৰি বিভিন্ন মন্দিৰ, মছজিদ, সত্ৰ আদিত বিধায়কগৰাকীৰ আশু আৰোগ্য কামনা কৰা হয়।

Exit mobile version