ভুৱা প্ৰতিশ্ৰুতিৰ বন্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

assam cm sarbananda sonowal 18 1492488544

কেৱল প্ৰতিশ্ৰুতি দিয়েই যোৱা চাৰি বছৰ পাৰ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ বিধানসভাৰ মজিয়াৰ পৰা আৰম্ভ কৰি সততে ইখনৰ পিছত সিখন বৈঠকত মুখ্যমন্ত্ৰীয়ে কেৱল ন ন প্ৰতিশ্ৰুতি দি আহিছে । অথবা আগতে দিয়াবোৰক নতুন ৰূপত আওৰাই আহিছে ৷

কিন্তু মুখ্যমন্ত্ৰীৰ সকলো বোৰ প্ৰতিশ্ৰুতি ধোঁৱা হৈ উৰি গৈছে। ফলত ৰাইজৰ সপোন সপোন হৈয়ে ৰৈছে । সপোন ভাঙি যোৱা ৰাইজৰ দুখ দুৰ্দশাৰ মাত্ৰাহে হৈ ৰৈছে । সপোন ভাঙি যোৱা ৰাইজৰ দুখ দুৰ্দশাৰ মাত্ৰাহে চৰিছে । ৰাজ্যত চলিত বৰ্ষত অহা তিনিটা সংহৰী বানেই ইয়াৰ জলন্ত উদাহৰণ ।

বান প্ৰতিৰোধৰ বাবে যোৱা ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ সকলো ক্ষতিগ্ৰস্ত মথাউৰি মেৰামতি কৰিবলৈ মুখ্যমন্ত্ৰী দিচপুৰত বৈঠক পাতি জলসম্পদ বিভাগক নিৰ্দেশ দিছিল । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ হৈয়ে থাকিল। মথাউৰি মেৰামতি নোহোৱাৰ পৰিণতিত উপৰ্যুপৰি অহা বানকেইটাই ৰাজ্যত ভয়াৱহ তাণ্ডব চলালে ৷ এনেদৰেই মুখ্যমন্ত্ৰী সোনোৱালৰ ডজন মূল্যহীন প্ৰতিশ্ৰুতিত অসম এতিয়া ভাৰাক্ৰান্ত ।

সাতমাহ পাছতে ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। যোৱা চাৰে চাৰি বছৰত অসম চৰকাৰ এলাগী হৈ থকা প্ৰতিশ্ৰুতি ইমানেই বাঢ়িল যে নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱালৈ সেইবোৰ ৰূপায়ণ হোৱাটো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে হ’ব বুলি অসমবাসী নিশ্চিত হৈছে ।

মুখ্যমন্ত্ৰীয়ে সততে উচ্চাৰণ কৰি অহা এটা শ্ল’গান হ’ল দুৰ্নীতিমুক্ত, বিদেশীমুক্ত আৰু প্ৰদূষণমুক্ত অসম নিৰ্মাণ । দুৰ্নীতি উৎখাত কৰাত চৰকাৰে শূন্য সহনশীল নীতি অৱলম্বনৰ দাবী কৰি আহিছে মুখ্যমন্ত্ৰী সোনোৱালে । তাৰ বিপৰীতে ৰাজ্যৰ প্ৰতিটো চৰকাৰী বিভাগ আকণ্ঠ দুৰ্নীতিত পোত গৈছে ।

স্বয়ং ৰাজ্যৰ প্ৰশাসনৰ কেন্দ্ৰবিন্দু জনতা ভৱনৰ পৰা আৰম্ভ কৰি সকলো বিভাগৰ কাৰ্যালয়তে ধনৰ অবাধ লেন দেন অব্যাহত আছে । এই প্ৰসংগতে উল্লেখনীয় যে চৰকাৰে যিবোৰ দুৰ্নীতি কেলংকাৰিৰ তদন্ত নিৰ্দেশ দিছে সেই সকলোবোৰেই আধৰুৱা হৈ পৰি ৰৈছে।

অসম লোকসেৱা আয়োগৰ সংঘটিত কেলেংকাৰিৰ পৰা কয়লা কেলেংকাৰিলৈ সকলোতে একে অৱস্থা। কয়লা কেলংকাৰিত জড়িত চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ দিছপুৰৰ অনুমতি বিচাৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা লেবেজান হৈ পৰিছে ৷

তলাবন্ধ আৰু সান্ধ্য আইনৰ মাজতো ৰাজ্যত অব্যাহত আছে কয়লাৰ চোৰাং ব্যৱসায়। দিহিং পাটকাইৰ সেউজ ভূমি বিদীৰ্ণ কৰি দিছপুৰৰ পৃষ্ঠপোষকতা তথা স্বয়ং শাসক দলৰ বিধায়কৰ নেতৃত্বত সংৰক্ষিত বনাঞ্চলখনত কয়লাৰ অবৈধ খনন চলি আছে ।এই কেলেংকাৰিত স্বয়ং মুখ্যমন্ত্ৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

 উল্লেখযোগ্য যে অসমক বিদেশীমুক্ত কৰাটো বিজেপি আৰু মিত্ৰদল অসম গণ পৰিষদৰ প্ৰধান নিৰ্বাচনী শ্ল’গান আছিল । সোনোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে চমক দি প্ৰথমতে উপস্থিত হৈছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ মহানগৰীৰ ভঙাগড়স্থিত মুখ্য কাৰ্যালয়ত। কিন্তু আজিও এন আৰ চিৰ কাম আগ নাবাঢ়িল ।

যি ১৯ লক্ষ লক্ষাধিক লোকৰ নাম চূড়ান্ত তালিকাত বাদ পৰে তেওঁলোকক ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আজিকোপতি কি কাৰণে নাম বাদ পৰিছে তাৰ কাৰণ দৰ্শাই জাননী প্ৰেৰণ কৰা নহ’ল । এনেদৰে এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্প্ৰতি স্থবিৰতা বিৰাজ কৰিছে । বিদেশী ন্যায়াধীকৰণতো নিযুক্তি দিয়া নহ’ল ১৬ শ কৰ্মচাৰী ৷

বিদেশীমুক্ত অসমৰ শ্ল’গানক ভ্ৰুকুটি কৰি আজিলৈকে অসম বাংলাদেশ সীমান্তত কাঁটা তাঁৰৰ বেৰ নিৰ্মাণ দিয়া নহ’ল । সীমান্ত ছীল কৰাৰ প্ৰতিশ্ৰুতিও ধোঁৱা চাঙত উঠিল ।মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি যে বাৰম্বাৰ অৰ্থহীন হৈ আহিছে তাৰ অন্যতম কাৰণ হ’ল ৰাষ্ট্ৰীয় ঘাই পথৰ মেৰামতি ।

ৰাজ্যৰ ঘাইপথৰ দূৰৱস্থা প্ৰত্যক্ষ কৰি ২৪ ঘন্টাৰ ভিতৰত মেৰামতি কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক একাধিকবাৰ নিৰ্দেশ দিছে ৷কিন্তু সেই নিৰ্দেশ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কৰ্ণপাতেই নকৰিলে ৷ অথচ তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কোনো ব্যৱস্থা ল’বলৈ সাহস নকৰি নিজে হাঁহিয়াতৰ পাত্ৰ হ’ল ।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ কাৰণ হ’ল ৰাজ্যৰ বাতৰি কাকত প্ৰতিষ্ঠানসমূহে সন্মুখীন হোৱা বৃহৎ প্ৰত্যাহ্বান। কাকত প্ৰতিষ্ঠানসমূহক সময় মতে বিজ্ঞাপনৰ ধন মোকলাই দিয়া,বিজ্ঞাপনৰ নিৰিখ বৃদ্ধিৰ বাবে উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশো বিগত ডেৰ বছৰে প্ৰতিশ্ৰুতি দিও আজিলৈকে ৰূপায়ণ নকৰিলে মুখ্যমন্ত্ৰী সোনোৱালে।

Exit mobile version