মণিকৰ্ণিকা প্ৰডাকচন হাউচ বিএমচিয়ে দখল কৰাৰ অভিযোগ কংগনা ৰণৌটৰ

kangana 1590394753

সম্প্ৰতি একপ্ৰকাৰ চর্চাত থকা বলিউডৰ অভিনেত্ৰী কংগনা ৰণৌটে মণিকৰ্ণিকা প্ৰডাকচন হাউচৰ সন্দৰ্ভত আজি এক টুইট কৰে। বলিউডৰ অভিনেত্ৰী কংগনা ৰণৌটে অভিযোগ কৰে যে, মুম্বাই পৌৰনিগমৰ সদস্যই তেওঁৰ মনিকৰ্ণিকা প্ৰডাকচন হাউচটো দখল কৰি লৈছে ।

টুইটাৰযোগে অভিনেত্ৰীগৰাকীয়ে কয় যে, সোমবাৰে বিএমচিৰ সদস্যই নিৰীক্ষণ কৰিবৰ বাবে হঠাৎ তেঁওৰ কাৰ্যালয়ত প্ৰৱেশ কৰে । সকলো জোখ মাখ কৰি চোৱাৰ উপৰিও তেওঁলোকে মোৰ চুবুৰীয়াকো অশান্তি ককৰিবলৈ আৰম্ভ কৰে ।

“মণিকৰ্ণিকা প্ৰডাকচন হাউচ, যিটোৰ বাবে মই ১৫ বছৰ পৰিশ্ৰম কৰিছো। মই জীৱনত মাত্ৰ এটাই সপোন দেখিছিলো যে যেতিয়াই মই চিত্ৰনিৰ্মাতা হিচাপে কাম কৰিম তেতিয়া মোৰ এটা নিজৰেই প্ৰডাকচন হাউচ থাকিব । কিন্তু এতিয়া সময় আহিছে সেই সপোন চূৰমাৰ হোৱাৰ । আজি হঠাৎ বি এম চি ৰ লোক আহি উপস্থিত হয় মোৰ কাৰ্যালয়ত ।” এটা ভিডিঅ’ শ্বেয়াৰ কৰি কংগনাই এই কথা প্ৰকাশ কৰে ।

লগতে লিখে যে, তেওঁলোকে বলপূৰ্বকভাৱে কাৰ্যালয়টোৰ জোখমাখ কৰে আৰু চুবুৰীয়াক অশান্তি কৰি বেলেগ ধৰণৰ ব্যৱহাৰ কৰি কয় যে, “वो जो मैडम है उसकी करतूत का परिणाम सबको भरना होगा “। ইয়াৰোপৰি তেওঁলোকে মোক কালি সম্পত্তি ধ্বংস কৰি দিম বুলিও জনাইছিল।

উল্লেখ্য যে, কংগনাই চলিত জানুৱাৰী মাহত মণিকৰ্ণিকা চিনেমাখনৰ নামেৰে নিজৰ প্ৰডাকচন হাউচৰ উদ্বোধন কৰিছিল । আনহাতে, বলিউডত ড্ৰাগছ মাফিয়াৰ সন্দৰ্ভত কংগনাই মুকলিকৈ কৰা প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত মুম্বাইলৈ আহিলেই কংগনাক উচিত শিক্ষা দিয়া হ’ব বুলিও ভাবুকি প্ৰদান কৰিছিল বিভিন্ন দল সংগঠনে ।

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটেও টুইট যোগে অভিনেত্ৰী গৰাকীক মুম্বাইলৈ নাহিবলৈ একপ্ৰকাৰ ভাবুকি দিছিল । সেই টুইটৰ প্ৰত্যুত্তৰত কংগনাইও ৯ ছেপ্টেম্বৰত মুম্বাইলৈ অহাৰ তাৰিখ ঘোষণা কৰিছিল । ৯ ছেপ্টেম্বৰত কংগনা মুম্বাইলৈ আহিব আৰু মুম্বাইত উপস্থিত হোৱাৰ পূৰ্বে অভিনেত্ৰী গৰাকীক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে Y প্লাচৰ সুৰক্ষা প্ৰদান কৰিব ।

Exit mobile version