শিশুসকলক যোগাসনৰ সম্পৰ্কে পৰিচয় কৰাৰ বাবে এইয়াই উচিত সময়

rsz untitled design 10 1200x600 c default

সমগ্ৰ বিশ্বত কৰ’না মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ তাৰ মাজতে প্ৰশ্ন হয় যে কৰ’নাৰ এই ভয়াৱহতাৰ মাজতে শিশুসকলৰ মানসিক অৱস্থা কেনেকুৱা? তেওঁলোকৰ স্বাস্থ্য কেনেকুৱা? সম্প্ৰতি এই সকলোবোৰ চিন্তা ধাৰাৰ মাজতে প্ৰকাশ পাইছে যে কৰ’না ভাইৰাছৰ কাৰণে বিশ্বত সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত আমাৰ পিছৰ প্ৰজন্মৰ মানসিক চিন্তাত ব্যাপক প্ৰভাৱ পৰিব । কাৰণ অতিমাৰীৰ ফলত শিশুসকলে দেখা, অনুভৱ কৰা পৰিৱেশক তেওঁলোকৰ স্মৃতিত সজীৱ হৈ যাব ।

গতিকে শিশুসকলক এই পৰিস্থিতিৰ পৰা আঁতৰাই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ বা এনে ধৰণৰ কি পদক্ষেপ ল’ব পাৰি যিয়ে শিশুসকলৰ মানসিক ভাৰসাম্যতা সবল কৰি তোলে ৷ প্ৰথমতে, কৰ’না ভাইৰাছৰ সময়ত ভাইৰাছৰ পৰা বাছি থাকিবলৈ সকলোৱে নিজে পৰাখিনি কৰিছে ৷ বহু বিশেষজ্ঞই কোৱাৰ দৰে বহু শিশুৰ সময়মতে খাদ্য গ্ৰহণ কৰা, সময়মতে শুৱা ,আৰাম কৰা আদি বহু প্ৰয়োজন ৷

এই সময়ত ছ’চিয়েল মিডিয়াত শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি হয় সেই সম্পৰ্কত বিভিন্ন ভিডিঅ’ চাই জানিব পাৰি ৷ ইয়াৰ জৰিয়তে বিভিন্ন শাৰীৰিক ব্যায়াম বা যোগা কৰি শিশুৰ লগতে পিতৃ-মাতৃৰো স্বাস্থ্য সবল কৰিব পাৰি। আমি সকলোৱে জানো যোগাসনৰ যোগেদি মন আৰু শৰীৰে প্ৰশান্তি লাভ কৰে ৷ যোগ যিকোনো বয়সৰ লোকে কৰিব পাৰে । যোগে মনৰ ভাৱ, ব্যৱহাৰ, অনুভৱত প্ৰভাৱ পেলায় ।

গতিকে শিশুসকলে নিয়মীয়াকৈ যোগ কৰিল তেওঁলোকৰ শাৰীৰিক মানসিক ক্ষেত্ৰত প্ৰভাৱ পৰি সুস্বাস্থ্য গঢ়ি উঠিব । কৰ’না ভাইৰাছৰ কাৰণে সকলো লোকৰ দৰে শিশুসকলেও আৱদ্ধ হৈ থাকিব লগা হৈছে । গতিকে যোগাসনে ভয়, অকলশৰীয়া আৰু হতাশাৰ ভাৱ আঁতৰাই দিয়ে ৷

২০১৪ ত হোৱা চুনামীৰ কাৰণে শ্ৰীলঙ্কাৰ ৩১টা শিশুৰ মন মগজুত ব্যাপক প্ৰভাৱ পেলাইছিল । আনহাতে শিশুৰ শিক্ষণৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাই যোগে ৷ কাৰণ যোগাসনে শিশুৰ মগজুক শান্তি দিয়ে ৷ আৰু শিকাৰ প্ৰতি আগ্ৰহ বঢ়ায় । গতিকে যোগাসন শিশুৰ মন মগজুৰ প্ৰতি অতি প্ৰয়োজনীয়।

উল্লেখযোগ্য যে প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰে আমাৰ ভৱিষ্যতৰ কেৰিয়াৰ গঢ়াত সহায় কৰে । কিছুমান শিক্ষা আমি আত্ম শিক্ষণৰ দ্বাৰা লাভ কৰো । লগতে শ্ৰেণীৰ কোঠাত বহি আমি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰো । কিন্তু সাম্প্ৰতিক সময়ত কৰ’নাৰ সময়ত যোগাসনে শিশুৰ শৈক্ষিক, মানসিক দিশৰ উত্তৰণৰ লগতে সকলো নেতিবাচক মনোভাৱ আঁতৰ কৰাত সুবিধা প্ৰদান কৰে।

Exit mobile version