সুধাকণ্ঠ ভূপেন দাৰ জন্মদিন বিশেষ

IMG 20200907 155540

সুধাকণ্ঠৰ মৰমৰ চোতালখনতে থকা বগীজামুজুপিৰ তলখনত আজি মাথো হুমুনিয়াহ৷ শুনিবলৈ বেয়া হ’লেও সত্য যে, একপ্ৰকাৰ মৰিশালিলৈ পৰ্যবেসিত হৈছে বিশ্ব বন্দিত প্ৰয়াত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কলিয়াবৰৰ পূব প্ৰান্তৰ মনোৰম কুঠৰীৰ ১৯৬৭তে সাজি উলিওৱা মৰমৰ বাসগৃহটো৷ ঘাঁহ বনেৰে ভৰি পৰিছে একালত এই বাসগৃহৰ চোতালতে থকা ভূপেন দাৰ মৰমৰ বগীজামুজুপিৰ তলখন৷

আজি ৮ ছেপ্তেম্বৰত সুধাকণ্ঠৰ ৯৪তম্ জন্মদিৱস৷ এই জন্মদিৱসৰ প্ৰাক্ ক্ষণত আকৌ এবাৰ চৰ্চালৈ আহিছে সুধাকণ্ঠৰ একালৰ প্ৰানবন্ত আৰু বৰ্তমানে জৰাজীৰ্ণ কলিয়াবৰৰ কুঠৰীৰ ঘৰখনৰ লগতে চোতালৰ বগীজামুজোপাৰ কথা৷ উল্লেখ্য যে এইজোপা বগীজামুৰ তলতে জোনাকী নিশা নিৰলে বহি সুধাকণ্ঠই সৃষ্টি কৰিছিল বহুকেইটা কালজয়ী গীতৰ৷ আজি জামুজোপাৰ তলখনৰ লগতে ঘৰটোৰো অৱস্থা তথৈবচ৷ ’মন প্ৰজাপতি’ কথাছবিৰ একালৰ শ্বুটিং স্থলী এই বাসগৃহটোৰ মজিয়াত বৰ্তমান কাঠফুলাৰ পয়োভৰ৷

এজাক সামান্য বৰষুণতে ছালৰ ভিতৰত সৰি পৰিছে বৰষুণৰ টোপাল৷ সুধাকণ্ঠই জিৰণি লোৱা বিছনাখনো বৰ্তমানে ভগ্নাৱশেষৰ ৰূপতহে আছে৷ দেশৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মৰম বুটলি লাভ কৰা বহু স্মাৰক আজি ঘৰটোৰ বেৰতেই উৱলি গৈছে৷ যেন এক ভুত বাংলালৈহে পৰিণত হৈছে সুধাকণ্ঠৰ একালৰ প্ৰাণবন্ত ঘৰখন৷ উল্লেখ্য যে, কাৰ্বিপাহাৰৰ নামনিত তেতিয়াতে ভূপেন হাজৰিকাই নিজা তত্ত্বাৱধানত নিৰ্মাণ কৰোৱাইছিল ঘৰটো৷ ঘৰটোৰ চৌহদত পাছফালেই আছে এটা প্ৰানচঞ্চল নিজৰা৷ ইয়ো সুধাকণ্ঠৰ এক সৃষ্টিৰ আকৰ৷

১৯৭৪ চনৰেপৰা ঘৰটোৰ তত্ত্বাৱধানত থকা সুৰেণ নেওগে আজি ক্ষোভেৰে ক’লে- ’ ভূপেনদাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰখন আজি শেষ হৈ গ’ল৷কোনেও নাচালে, কোনেও নাভাবিলে৷ চৰকাৰে নোৱাৰিলে ৰাইজক দিয়ক, ৰাইজে বুকুত জীয়াই ৰাখিব সুধাকণ্ঠক৷’ চৰকাৰী সদিচ্ছাৰ অভাৱে জুৰুলা কৰা ঘৰটোৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে মাজুলীত হোৱা অধিবেশনৰ বিশেষ প্ৰস্তাৱ লৈ সংৰক্ষণৰ ব্যৱস্থা ঘোষণা কৰিছিল যদিও আজিকোপতি নহ’ল কোনো ব্যৱস্থা৷ ইয়াৰ ফলশ্ৰুতিতে আজি প্ৰয়াত সুধাকন্ঠ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্মদিনৰ দিনাও উকা হৈ পৰি ৰৈছে বাসগৃহ। সুধাকণ্ঠৰ মৰমৰ বাসগৃহ কলিয়াবৰৰ কুঠৰীত বিপৰীত ছবিৰে হৈ ৰৈছে মৰিশালিৰ নিস্তব্ধতা৷ এক নিমাও মাও পৰিবেশ৷ ৰজাঘৰীয়া প্ৰজাঘৰীয়া কাৰোৰে যেন অৱকাশ নাই সুধাকণ্ঠক স্মৰণ কৰাৰ ।

এসময়ৰ ভূপেন হাজৰিকাৰ সহকৰ্মী, কুঠৰীৰ বাসগৃহ চোৱাচিতা কৰা সুৰেন নেওগে বন্তি প্ৰজ্বলন, পুষ্পঞ্জলি দি শ্ৰদ্ধাঞ্জলি জনাই সুধাকন্ঠৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনোৱাৰ প্ৰস্তুতি চলাইছে। নিজৰ মা-দেউতাকো একপ্ৰকাৰ এৰি আহি ভুপেন হাজৰিকাৰ সান্নিধ্যতে জীৱনৰ আধা বয়স পাৰ কৰা ৬৭ বছৰীয়া সুৰেণ নেওগে প্ৰকাশ কৰা মতে, ১৪ বিঘা ভূমিত পৰিবেষ্টিত সুধাকণ্ঠৰ গৃহ চৌহদত আছে বহু মূল্যবান ফলমূলৰ লগতে ঔষধি গছ৷ একালত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ থলী আছিল এই ঘৰখন৷ কিন্তু আজি এই চৌহদত যেন মৰিশালিৰ নিস্তব্ধতা৷ এই লৈ এতিয়া ক্ষোভ সুধাকণ্ঠপ্ৰেমীৰ মাজত৷

Exit mobile version