সুমেৰুত ‘জোম্বি ফায়াৰ’

Screenshot 59

শেহতীয়াকৈ সুমেৰুৰ বনাঞ্চলত আৰম্ভ হোৱা জুইত এফালৰ পৰা পুৰি ছাই হৈ গৈছে সকলো । এই ‘জোম্বি ফায়াৰ’ত নিৰ্গত হৈছে বিপুল পৰিমাণৰ কাৰ্বন-ড্ৰাই-অক্সাইড । ইয়াৰ বিৰূপ ক্ষতিকাৰক প্ৰভাৱত এতিয়া গলিবলৈ ধৰিছে সুমেৰুৰ বৰফ । ভয়ংকৰ এই দাবানলৰ মুখত পৰিছে উত্তৰ মেৰুৰ প্ৰায় সৰ্বশেষ বনাঞ্চলো ।

এই বিধ্বংসী অগ্নিকাণ্ডৰ বাবে পূৰ্বৰ তুলনাত এইবাৰ বায়ুমণ্ডলত এক-তৃতীয়াংশ অধিক কাৰ্বন-ড্ৰাই-অক্সাইড নিৰ্গমন হৈছে । গ্ল’বেল কাৰ্বন প্ৰকল্পৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০১৮ ত ইউৰোপৰ একাধিক দেশত জীৱাস্ম ইন্ধন পুৰি যোৱাৰ ফলত বহু পৰিমাণৰ কাৰ্বন-ড্ৰাই-অক্সাইড নিঃসৰণ কৰিছিল, সুমেৰুত এই অগ্নিকাণ্ডৰ প্ৰভাৱত চলিত বৰ্ষতে সেই পৰিমাণৰ কাৰ্বন বতাহত মিলি গৈছে ।

ছাইবেৰিয়াত অগ্নিকাণ্ডৰ প্ৰভাৱত হেজাৰ হেজাৰ কিলোমিটাৰ অঞ্চলত ধোঁৱাৰ চাদৰ দেখিবলৈ পোৱা গৈছে । আমেৰিকাৰ পশ্চিমাঞ্চলত এতিয়াও একাধিক স্থানত বনাঞ্চলত জুই লাগি আছে । কেলিফ’ৰ্ণিয়াতো যোৱা মাহৰ মাজ ভাগৰে পৰা হৈ থকা অগ্নিকাণ্ডৰ বাবে কাৰ্বন নিৰ্গমন হৈছে।বিজ্ঞানী মহলৰ মতে ‘জোম্বি ফায়াৰ’ৰ অন্যতম কাৰণো এইটোৱেই ।

বহু সময়ত এনে জুই নুমাই যোৱা যেন দেখিবলৈ পোৱা যায় । কিন্তু ভিতৰি এই জুই জ্বলিয়ে থাকে । বহু সময়ত এই জুই মাটিৰ অন্তৰ্ভাগতো বিয়পি পৰে । সুমেৰু অঞ্চলত এতিয়া এই ‘জুম্বি ফায়াৰে’ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।

এনে অগ্নিকাণ্ডৰ বাবে সুমেৰুত গভীৰভাৱে বৰফ জমা হোৱাটো বাধাৰ সৃষ্টি হৈছে । ফলত সুমেৰুত বাৰ্ষিক গড়ে প্ৰায় ২১হেজাৰ বৰ্গমাইল পৰ্যন্ত বৰফ গলিবলৈ লৈছে । অৱস্থা এনেদৰেই থাকিলে ২০৫০ৰ পূৰ্বেই সুমেৰু বৰফমুক্ত হৈ পৰিব ।

Exit mobile version