হাইপাৰছ’নিক যুগত প্ৰবেশ ভাৰতত

SmartSelect 20200907 202621 Samsung Internet Beta

অশান্ত অস্থিৰ হৈ আছে ভাৰত চীন সীমান্ত ৷দিনে দিনে উত্তেজনা বৃদ্ধি পাইছে ৷এই বৰ্দ্ধিত উত্তাপৰ মাজতে ভাৰতে প্ৰৱেশ কৰিলে৷”হাইপাৰছ’নিক যুগ”ত ।ওড়িছাৰ উপকূলীয়া অঞ্চলত আজি প্ৰথমটো হাইপাৰছ’নিক প্ৰযুক্তিৰ বাহন পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে ভাৰত ইয়াৰ নাম হৈছে “হাইপাৰছ’নিক টেকন’লজি ডেমনষ্ট্ৰেছন ভেহিকল” অৰ্থাৎ এইছ এছ টি ডি ভি ৷শব্দতকৈও প্ৰায় ছগুণ গতিবেগ এই চালকবিহীন আকাশযানৰ ৷ আজি ইয়াৰ পৰীক্ষাত সফলতা অৰ্জন কৰিলে ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ৷এই পৰ্যন্ত ৰাছিয়াৰ চীন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ এনে ধৰণৰ হাইপাৰছ’নিক বাহনৰ গৰাকী।

ডি আৰ ডিৰ সূত্ৰত প্ৰকাশ যে আজি হাইপাৰছ’নিক  স্কেমজেট প্ৰপেলছন ছিষ্টেম নিৰ্ভৰ বিমানৰ পৰীক্ষা সফল হয় ৷দিনৰ প্ৰায় ১১ বজাত ওড়িছাৰ বালেশ্বৰৰ এ পি জে আব্দুল কালাম টেষ্টিং ৰেঞ্জত এই পৰীক্ষা সম্পন্ন হয়। এটি অগ্নি ক্ষেপনাস্ত্ৰক মাটিৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ ওপৰলৈ লৈ যায় বুষ্টাৰ হিচাপে ব্যৱহাৰ কৰা এইছ এছ টি ভি ডিয়ে ।ডি আৰ ডিৰ সূত্ৰত প্ৰকাশ যে মাত্ৰ ২০ ছেকেণ্ডৰ ভিতৰত এইছ এছ টি ভি এয়ে চাৰে ৩২ কিলোমিটাৰ উচ্চতালৈ উঠিব পাৰে ৷

চালকবিহীন এই বিমানৰ সহায়েৰে দূৰলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ প্ৰেৰণ কৰাটো সম্ভৱ। তদুপৰি অসামৰিক ব্যৱহাৰৰ বাবেও সহায়ক হ’ব এইছ এছ টি ভি ডি অৰ্থাৎ হাইপাৰছ’নিক বাহন ৷ইয়াৰ জৰিয়তে কম খৰচতে উপগ্ৰহ উৎপেক্ষণৰ কামত ব্যৱহাৰ কৰিব পৰা যাব ৷আজি সফল পৰীক্ষাৰ ফলত হাইপাৰছ’নিক প্ৰযুক্তিত আমেৰিকা,ৰাছিয়া আৰু চীনৰ স’তে একে শাৰীতে উপবিষ্ট হ’ল ভাৰত ৷

এনে হাইপাৰছ’নিক ক্ৰুজ ক্ষেপণাস্ত্ৰই চীনৰ প্ৰতিৰক্ষা ব্যৱস্থাৱলীক পৰাভূত কৰিব পাৰে বুলি বিজ্ঞানীসকলে কয় ৷আজি ডি আৰ ডিই এই পৰীক্ষাক ঐতিহাসিক অভিযান আখ্যা দিয়ে ।আত্মনিৰ্ভৰ আৰু সবল ভাৰতৰ দিশত এই দেশীয় প্ৰতিৰক্ষা প্ৰযুক্তি আৰু উল্লেখনীয় মাইলৰ খুঁটি এক বৃহৎ জাঁপ বুলি ডি আৰ ডি অ’ৰ কয়। ডি আৰ ডি অ’ৰ মুৰব্বী ড° সতীশ ৰেড্ডীয়ে কয়,”এই পৰীক্ষাই আৰু বহু জটিল প্ৰযুক্তি,সামগ্ৰী আৰু হাইপাৰছ’নিক বাহনৰ উন্নয়ন সাধনৰ বাবে পথ মুকলি কৰিলে ৷

এনে যুক্তি প্ৰদৰ্শনৰকৰী নিৰ্বাচিত ৰাষ্ট্ৰৰ ক্লাবৰ তালিকাভুক্ত হ’ল ভাৰত। দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙেও টুইটাৰত ডি আৰ ডি অ’ক অভিনন্দন জনায় ।মন কৰিব লগীয়া যে হাইপাৰছ’নিক প্ৰযুক্তিৰ গতিবেগ শব্দৰ গতিবেগতকৈ কমেও পাঁচগুণ অধিক ।ডি আৰ ডি অ’ই কয় যে ভাৰতৰ সফল পৰীক্ষাৰ হাইপাৰছ’নিক টেষ্ট ভেৰিক’ল অৰ্থাৎ চালকবিহীন এই আকাশীযানে শব্দতকৈ ছগুণ গতিবেগেৰে উৰিব পাৰে ৷ৰাজনাথ সিঙে অভিনন্দন জনাই কয়” প্ৰধানমন্ত্ৰীআত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ আহ্বান সফল কৰাৰ পথত এই যুগান্তকাৰী কৃতিত্বৰ বাবে ডি আৰ ডি অ’ক মোৰ অভিনন্দন ৷ভাৰত আপোনালোকৰ বাবে গৰ্বিত ৷প্ৰযুক্তিগত উৎকৰ্ষ সাধনৰ লক্ষ্যৰে পৰৱৰ্তী পৰ্যায়ৰ অগ্ৰগতি অব্যাহত থাকিব ।

Exit mobile version