সতীয়া কন্যা ইভাংকাক বিষাক্ত সাপ বুলিহে গণ্য কৰে মেলানিয়াই

MelaniaIvanka GettyImages 632236328

আমেৰিকাত লাহে লাহে বলিবলৈ লোৱা নিৰ্বাচনী বতাহক আৰু কিছু গৰম কৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্প আৰু তেওঁৰ সতীয়া কন্যা অৰ্থাৎ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰথমা পত্নীৰ কন্যা ইভাংকা ট্ৰাম্পৰ সম্পৰ্কৰ শীতলতাক লৈ বিস্তাৰিত ভাৱে চৰ্চা কৰা হৈছে।

‘মেলানিয়া এণ্ড মি:দ্য ৰাইজ এণ্ড ফল অৱ মাই ফ্ৰেণ্ডশ্বিপ উইথ দ্য ফাৰ্ষ্ট লেডি’ নামৰ এই গ্ৰন্থখনৰ ৰচক হৈছে ষ্টেফানি উইনষ্টন ওলকফ । ষ্টেফানি এটা সময়ত মেলানিয়াৰ বান্ধৱীও আছিল । দুবছৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰ স’তে হোৱা বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পাছত দুয়োৰে মাজত সম্পৰ্কত ফাট মেলিছিল ।

নতুন গ্ৰন্থ খনত দাবী কৰা হৈছে যে মেলানিয়াই নিজৰ গুৰুত্ব তথা ক্ষমতা অক্ষুন্ন ৰখাত অতিকৈ আগ্ৰাসী । ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠান ইভাংকাক যাতে অধিক সময় দেখুওৱা নহয় তাৰবাবে সকলো পৰিকল্পনা মেলানিয়া আৰু ষ্টেফানিয়ে যৌথভাৱে কৰিছিল বুলিও গ্ৰন্থখনত উল্লেখ কৰা হৈছে। ষ্টেফানিয়ে দাবী কৰা অনুসৰি মেলানিয়াই আনৰ আগত ইভাংকাক ‘ৰাজকুমাৰী’ বুলি বহু সময়ত কটাক্ষ কৰিছিল ।

আমেৰিকাৰ প্ৰথম মহিলাগৰাকীৰ দৃষ্টিত ইভাংকা আৰু জেৰেড কুশনা আছিল ‘বিষাক্ত সাপ’ৰ দৰে । মেলানিয়াৰ বৰ্তমান মুখপাত্ৰ গৰাকীৰ নামো ষ্টেফানি । মুখ্যপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা বক্তব্যত ষ্টেফানিৰ গ্ৰন্থখনক প্ৰতিহিংসাৰে ভৰি থকা লেখনিৰ গ্ৰন্থ বুলিহে আখ্যা দিয়া হৈছে । ৰিপাব্লিক দলৰ কনভেনশ্বনত মেলানিয়া আৰু ইভাংকাৰ মাজত বিনিময় হোৱা শীতল দৃষ্টিৰ পাছত গ্ৰন্থখনক লৈ বজাৰত যথেষ্ট আগ্ৰহৰো সৃষ্টি হৈছে।

Exit mobile version