অৰুণাচল প্ৰদেশৰ পৰা চীনা সৈন্যই অপহৰণ কৰা পাঁচজন যুৱকৰ কথা নিশ্চিত কৰিছে চীনে: কিৰেণ ৰিজিজু

d41je53g india china border arunachal pradesh

চুবুৰীয়া অৰুণাচল প্ৰদেশৰ উজনিৰ সোৱণশিৰি জিলাৰ পৰা চীনা সৈন্যই অপহৰণ কৰি নিয়া পাঁচজন ভাৰতীয় যুৱকৰ সন্ধান পোৱা গৈছে চীনত । আৰু ভাৰতলৈ ঘূৰাই পঠাবলৈ ব্যৱস্থা কৰা হৈছে । যোৱাকালি ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ সীমান্তত নিযুক্ত পি এল এলৈ হটলাইন বাৰ্তা প্ৰেৰণ কৰাৰ পাছত ইয়াৰ প্ৰত্যুত্তৰ আহে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটাৰৰ যোগেদি সদৰী কৰে।

উল্লেখ্য যে, চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে ২ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশৰ উজনিৰ সোৱণশিৰি জিলাৰ পৰা পাঁচ জন যুৱকক অপহৰণ কৰিছিল। দুৰ্গম অঞ্চলত গছৰ গুল্ম সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত এই যুৱককেইজনক চীনা সৈন্যই অপহৰণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। ভাৰতীয় সেনাই যুৱককেইজনক মোকলাই দিবৰ বাবে সোমবাৰে পি এল এলৈ হটলাইন বাৰ্তা প্ৰেৰণ কৰে আৰু আজি সেই বাৰ্তাৰ প্ৰত্যুত্তৰ আহে।

Exit mobile version