কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰৰ

Screenshot 64

দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) ৰ ঐতিহাসিক পতন ঘটিছে । ২৫ বছৰৰ অভিলেখ ভংগ কৰি জি ডি পি নিম্নমুখী হৈছে। কিন্তু এই পতনেই শেষ নহয়, দেশৰ আৰ্থিক বৃদ্ধিৰ হাৰ অধিক অৱনমিত হব পাৰে বুলি কয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ তথা বিশিষ্ট অৰ্থনীতিবিদ ৰঘুৰাম ৰাজনে।

জি ডি পিৰ এই চিত্ৰ উদ্বেগজনক বুলি উল্লেখ কৰি এক প্ৰতিবেদনত ৰাজনে উল্লেখ কৰে যে যিসমূহ দেশত কৰ’না সংক্ৰমণ অধিক বৃদ্ধি তাতকৈ ভাৰতৰ অথনৈতিক অৱস্থা শোচনীয়।

অৰ্থনীতি পুনৰ উজ্জীৱিত কৰিবলৈ চৰকাৰে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ বিত্তীয় পেকেজ যথেষ্ট নহয় বুলি তেওঁ কয় । কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষই প্ৰথম ত্ৰিমাসিকত জি ডি পি সংকোচনৰ হাৰ (-) ২৩.৯ শতাংশ । বিগত ২৫ বছৰে এনে পৰিস্থিতি হোৱা নাই ।

অৱশ্যে এপ্ৰিলৰ পৰা জুনলৈ এই সময়ছোৱা দেশ সম্পূৰ্ণ তলাবন্ধৰ মাজেৰে গতি কৰাৰ বাবেই এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে তথা পৰিস্থিতিৰ উন্নয়ন হ’ব পাৰে বুলি ভৱিষ্যৎ আশা প্ৰকাশ কৰিছে।

ইয়াৰ বিপৰীতে ৰাজনৰ মতে তেনে হোৱাৰ সম্ভাৱনা কম । বৰঞ্চ অধিক অৱনমিত হ’ব পাৰে জি ডি পিৰ বৃদ্ধিৰ হাৰ। এক প্ৰতিবেদনত তেওঁ কয়, ‘ইয়াৰ স’তে অসংগঠিত ক্ষেত্ৰৰ লোকচান যোগ কৰি জি ডি পিৰ প্ৰকৃত পৰিসংখ্যা প্ৰকাশিত হলে সেই চিত্ৰ অধিক কৰুণ হ’ব পাৰে।’

তেওঁ কয় যে ভাৰতত এতিয়া এই বিশ্ব মহামাৰীয়ে মাৰাত্মক ৰূপ ধাৰণ কৰিছে। সেয়েহে ৰেষ্টোৰাঁত খাদ্য গ্ৰহণ আদিত মানুহে কম খৰছ কৰিব। ভাইৰাছ থকা পৰ্যন্ত এনে খৰচত লেকাম লগাব মানুহে। সেয়ে অৰ্থনীতিৰ এই ৰোগ সহজে নিৰ্মূল নহয় বুলি তেওঁ কয়। তদুপৰি চৰকাৰে ঘোষণা কৰা ২০ লাখ টকাৰ বিত্তীয় পেকেজ যথেষ্ট নহয় বুলি ৰাজনে মত প্ৰকাশ কৰে।

তেওঁ কয় যে দৰিদ্ৰক বিনামূলীয়া খাদ্য-সামগ্ৰী যোগান, অতি ক্ষুদ্ৰ, মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে বেংকৰ ঋণৰ বন্দৱস্ত কৰি সাধাৰণ মানুহক সকাহ দিয়াৰ যি চেষ্টা চৰকাৰে কৰিছে সেয়া প্ৰয়োজনৰ তুলনাত নগণ্য । অৰ্থনীতিক ৰোগৰ স’তে তুলনা কৰি ৰাজনে কয়, ‘আৰ্থিক পেকেজ এটা টনিক আছিল ; কিন্তু ৰোগী যেতিয়া মৰণাপন্ন তেতিয়া টনিকে কাম নকৰে।’

ৰাজনৰ মতে চৰকাৰৰ আৰ্থিক সাহায্য অবিহনে অথনৈতিক বৃদ্ধিৰ হাৰত ব্যাপক প্ৰভাৱ পৰিব। ব্ৰাজিল – আমেৰিকাৰ উদাহৰণ দাঙি ধৰি এক প্ৰৱন্ধত তেওঁ লিখিছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰ বিশ্বৰ সবাতোকৈ বৃহৎ অথনীতি। এই দেশে ক’ভিদ-তলাবন্ধৰ মোকাবিলাত জি ডি পিৰ প্ৰায় ২০ শতাংশ পেকেজ ঘোষণা কৰাৰ পাছতো আৰ্থিক বৃদ্ধিক লৈ চিন্তাত থকা পৰিলক্ষিত হৈছে। সেয়েহে ভাৰতীয় চৰকাৰী বিষয়াসকলে চিন্তাচৰ্চা কৰাৰ প্ৰয়োজন আছে। ]

ভাৰতৰ সন্দৰ্ভত ৰাজনে কয় যে অৰ্থনীতি বিষয়ক বিষয়াসকলৰ মতে আৰু এটা পৰ্যায়ত আৰ্থিক পেকেজ ঘোষণা কৰাৰ প্ৰয়োজন আছে। কিয়নো চৰকাৰ বিত্তীয় চাপত আছে । এই ধৰণৰ নিৰাশাবাদী মানসিকতা অধিক ক্ষতিকাৰক বুলি তেওঁ ধাৰণা কৰে । উপায় হিচাপে ৰাজনৰ পৰামৰ্শ, ‘চৰকাৰৰ উচিত চতুৰালিৰে ব্যয় কৰা অৰ্থনীতিত ইতিবাচক গতি আহে।’

Exit mobile version