কৰ’নাত আক্ৰান্ত হাতীগাঁৱৰ বৃদ্ধা আশ্ৰমৰ ১২ গৰাকী বৃদ্ধা

clipboard0ahsasjusduauaisia 202008479995

WhatsApp Image 2020 09 08 at 7.52.31 AM

সমগ্ৰ ৰাজ্যত কৰ’না মহামাৰীৰ মাজতে এই অতিমাৰীত আক্ৰান্ত হৈছে হাতীগাঁৱৰ বৃদ্ধা আশ্ৰমৰ ১২ গৰাকীকৈ আইতা । আনহাত ক’ভিড ১৯ আক্ৰান্তসকলৰ ভিতৰতে আছে ১০০ বছৰীয়া এগৰাকী বৃদ্ধা ।

উল্লেখযোগ্য যে সোমবাৰে ড° ফাৰুকৰ লগতে সুশান্ত ৰয়ৰ এটা দলে বৃদ্ধা আশ্ৰমখনত উপস্থিত হৈ লেলাউটিৰ পৰীক্ষা কৰে। ইয়াৰ পিছতে কৰ’নাত আক্ৰান্ত হয় বৃদ্ধা আশ্ৰমখনৰ ১২ গৰাকীকৈ আইতা ৷

ইপিনে বৃদ্ধা আশ্ৰমখনৰ ক’ভিড আক্ৰান্ত আইতাসকলক হেমাংগ গোস্বামী আৰু ড° অনুপল শৰ্মাৰ তত্ত্বাৱধানত মহেন্দ্ৰ মোহন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Exit mobile version