চিৰাঙৰ চিদলীৰ দৰিদ্ৰ শ্ৰমজীৱি যুৱকৰ শিল্পী সত্তা

WhatsApp Image 2020 09 08 at 6.48.37 PM

চিৰাঙৰ চিদলী ধলাগাঁও ৰাজাযানৰ দৰিদ্ৰ শ্ৰমজীৱি এজন যুৱকৰ শিল্পীসত্বাৰ প্ৰশংসা বিভিন্ন জনৰ । দৰিদ্ৰতাইয়ো ৰখাব নোৱাৰিলে শিল্পীসত্তাক । গাঁওখনৰ শিক্ষিত শ্ৰমজীৱি যুৱক নবিন বৰ্মনৰ শিল্পকলা পোহৰলৈ আহে । সৰুৰে পৰা শিল্পীসুলভ মনোভাৱ থকা নবিন বৰ্মনে তলাবন্ধৰ এই সময়ছোৱাত ধুমুহাত ওফৰি পৰা বাঁহৰ মূঢ়াৰে তৈয়াৰ কৰি উলিয়াইছে এজনৰ পিচত আনজন মহান শিল্পীৰ প্ৰতিমূৰ্তি ।

শংকৰদেৱৰ পৰা আৰম্ভ কৰি ভাৰত ৰত্ন ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত, লতা মঙ্গেশকাৰ, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ, বিশ্ব বিখ্যাত অসমৰ এশিঙীয়া গঁড়, ঘৰিয়াল, ধনেশ পক্ষী, ৰাজ হাঁহ আদি । বাঁহৰ মূঢ়া আৰু এমছিল ব্যৱহাৰ কৰি ওলিয়াইছে সুন্দৰ সুন্দৰ প্ৰতিমূৰ্তি ।

দিনৰ ভাগত বঙাইগাঁও শোধনাগাৰত এজন পেইন্টাৰ হিচাপে হাজিৰা কৰি সন্ধিয়া ঘৰত আহি বাঁহৰ মূঢ়া, দা-কটাৰি লৈ কামত লাগে । তৈয়াৰ কৰি তুলে সুন্দৰ সুন্দৰ একো একোজন মহান শিল্পীৰ প্ৰতিমূৰ্তি । দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া যুৱক জনৰ এই কামক পৰিয়ালৰ লোকে সহায় কৰাৰ পৰিৱৰ্তে সময় নষ্ট কৰি এই সমূহ কাম কৰাৰ বাবে বাধা দিয়াৰ কথাও জনায় যুৱকজনে । ইয়াৰ পৰা কোনো আয় নহয় ।

এতিয়ালৈ বহু কেইটা প্ৰতিমূৰ্তি সাজি উলিয়াইছে যদিও এটাও বিক্ৰী কৰা নাই আৰু সেয়ে এতিয়া পৰিয়ালৰ হাঁহ নচৰা অৱস্থা । ভাল মূল্য পালে বিক্ৰী কৰাৰ কথাও জনায় যুৱশিল্পীজনে । এতিয়া ঘৰত থোৱাৰ ঠাইৰ অভাৱত এতিয়া এই শিল্প কলা স্তিমিত হোৱাৰ পথত । চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা শিল্পী জনে আৰ্থিক সহায় পালে হয়তো আগলৈ অধিক মনোবলেৰে আগবাঢ়ি যাব পাৰিব । এই দৰেই সাংবাদিকক জানিবলৈ দিয়ে যুৱশিল্পী নবিন বৰ্মনে ।

আনহাতে, পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈয়ে পঢ়া-শুনা এৰিব লগীয়া হৈছিল । তাৰ পিচতে দৰিদ্ৰ পৰিয়ালটিৰ আৰ্থিক দিশত সহায়ৰ বাবে কামত লাগে নবিন বৰ্মনে । বৰ্তমান তেওঁৰ পত্নী আৰু এটা পুত্ৰ, ককায়েক, ভনীয়েক আৰু মাকৰ সৈতে থাকে। পৰিয়ালত নাই কাৰোৰে চাকৰি ।

ককায়েকে কৃষি কৰ্মত জড়িত যদিও নবিন বৰ্মন ৰং তুলিকাৰ সৈতে দিন হাজিৰা কৰি জীৱিকা অৰ্জন কৰিছে । সেয়ে নিজৰ শিল্পী সত্তাক অধিক মনোগ্ৰাহি কৰাৰ বাবে চৰকাৰৰ সহায় বিচাৰি আবেদন জনাইছে । ইয়াৰোপৰি স্থানীয় লোক সকলে নবিনক লৈ গৌৰৱ কৰি কয় যে চৰকাৰে এইজন যুৱ শিল্পীক সহায় কৰিলে নিশ্চয়কৈ তেওঁৰ উদ্যমী শিল্পী সত্তাৰে নিজৰ অঞ্চলৰ লগতে দেশৰ সুনাম কঢ়িয়াবলৈ সক্ষম হব।

Exit mobile version