থোৰতে ৰাজ্যসমূহ

Delhi Covid

পঞ্জাৱঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে লকডাউনত অধিক শিথিলতাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি, চহৰীয়া অঞ্চলসমূহৰ সকলো দোকান পোহৰ মুকলি কৰাৰ নিৰ্দেশ দিয়া হৈছে। 

হাৰিয়ানাঃ কভিড-১৯ মহামাৰী সৃষ্ট সংকটক সুযোগলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে অনলাইন এডমিশ্যন প্লেটফৰ্মৰ উদ্বোধন কৰে। ইয়াৰ জৰিয়তে, নতুন শিক্ষা বৰ্ষৰ বাবে মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলে স্নাতক পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰিব পাৰিব। 

হিমাচল প্ৰদেশঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ সন্দৰ্ভত অনুষ্ঠিত সন্মিলনত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক হিমাচল প্ৰদেশৰ ৰাজ্যপাল বন্দৰো দত্তাত্ৰেয়ই কয় যে এই নীতি ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য হিচাপে জনসাধাৰণে সংকল্প গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে কৰনা মহামাৰীৰ সময়ছোৱাত ৰাজ্যখনত অনলাইনৰ জৰিয়তে শিক্ষাগ্ৰহণৰ মাত্ৰা বৃদ্ধি পাইছে। 

অৰুণাচল প্ৰদেশঃ শেহতীয়াভাৱে ৰাজ্যখনত নতুনকৈ ১৮০ জন লোক কভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২৪ জন ৰোগীয়ে ডিচাৰ্জ লাভ কৰিছে। ৰাজ্যখনত বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৫৭৬ টা আৰু আৰোগ্য লাভৰ হাৰ ৬৯ শতাংশ।

অসমঃ যোৱা ২৪ ঘন্টাত, অসমত কভিড-১৯ৰপৰা আৰোগ্য লাভ কৰাৰ পাছত ২২৫০ জনক ডিচাৰ্জ দিয়া হয়। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যাই ১২৮২৪৪ স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত ৯৯০৭৩ জনক ডিচাৰ্জ দিয়া হৈছে আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৮৭৯৮।

মণিপুৰঃ মণিপুৰত শেহতীয়াকৈ ৮৪ জন লোক কভিডত আক্ৰান্ত হৈছে। ১৯৪ জনৰ আৰোগ্য লাভেৰে হাৰ হয় ৭৫ শতাংশ। ৰাজ্যখনত বৰ্তমানে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৭১০। 

মেঘালয়ঃ মেঘালয়ত চিকিৎসাধীন ৰোগীৰ সংখ্যাই ১৪৫৭ স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত ৩১৪ জন বিএছএফ আৰু সশস্ত্ৰ বাহিনীসমূহৰ। এতিয়ালৈকে ৰাজ্যখনত ১৫৬০ কভিড আক্ৰান্তই আৰোগ্য লাভ কৰিছে। 

মিজোৰামঃ কালি মিজোৰামত নজন লোক কভিডত আক্ৰান্ত হৈছে। ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যাই ১১২৩ স্পৰ্শ কৰাৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩৯১।

নগালেণ্ডঃ নগালেণ্ডৰ ৰাজধানী কহিমাত বাছসমূহৰ আসন গ্ৰহণৰ বাবে বিশেষ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। বাছৰ ভিতৰত কোনো আৰোহীকে থিয় হৈ যাবলৈ দিয়া নহব।

ছিকিমঃ আজি ১৯ জন লোকৰ দেহত কভিড ধৰা পৰে। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৫৩৮ আৰু ১৪০৩ আক্ৰান্তই আৰোগ্য লাভ কৰাতে হাস্পতালৰপৰা ডিচাৰ্জ দিয়া হৈছে।

কেৰালাঃ কালি কেৰালাত নতুনকৈ ১,৬৪৮ জন লোক কভিড-১৯ ত আক্ৰান্ত হয়। বৰ্তমানে ট্ৰিটমেন্ট লাভ কৰি আছে ২২,০৬৬ জন আক্ৰান্তই আৰু সমগ্ৰ ৰাজ্যখনত ২,০০,৬৫১ লোক কোৱাৰেন্টাইনত আছে।

তামিলনাডুঃ যোৱা ২৪ ঘন্টাত পুডুচেৰীত কভিডত আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১.৯ শতাংশলৈ বৃদ্ধি পাইছে। এই সমযোৱাত ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৪৪০ জন লোক।

কৰ্ণাটকঃ সাম্প্ৰতিক কভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, ৰাজ্য চৰকাৰখনে অনাড়ম্বৰভাৱেই জাতীয় অনুষ্ঠান উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত কভিড-১৯ত আক্ৰান্ত হোৱাৰ ঘটনাই পাঁচ-লাখৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমান এই পৰিমাণ হৈছে ৫,০৬,৪৯৩। সোমবাৰে মৃত্যু হোৱা লোকৰ সংখ্যাই ৪,৪৮৭ স্পৰ্শ কৰে।  

তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্য়খনত ২৩৯২ জন লোক কভিড-১৯ত আক্ৰান্ত হৈছে। একে সময়তে ২৩৪৬ জনে আৰোগ্য লাভ কৰিছে আৰু ১১ জনে মৃত্য়ুবৰণ কৰিছে।

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ চৰকাৰে ব্যক্তিগত লেবৰটৰীত সম্পাদিত হোৱা আৰটি-পিচিআৰ কভিড-১৯ টেষ্টৰ মূল্য় হ্ৰাস কৰিছে. সেই অনুসৰি, যোৱা মাহত ১,৯০০ টকাৰ বিপৰীতে বৰ্তমান এই ব্যয় হৈছে ১,২০০ টকা।

মধ্য প্ৰদেশঃ ৰাজ্য় চৰকাৰখনে ৩১ অক্টোবৰৰ ভিতৰত ৩,৬০০ অক্সিজেন বেড আৰু ৫৬৪ খন আইচিইউ বেড সংস্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 

চত্তীশগড়ঃ ৰাজ্যখনত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যাই ৪৭,২৮০ স্পৰ্শ কৰিছেগৈ। শেহতীয়াকৈ আক্ৰান্ত হৈছে ২,০১৭ জন লোক। একে সময়তে ১৫ জন লোকৰ প্ৰাণ হানি হোৱাত মুঠ মৃত্যুৰ সংখ্যা হৈ পৰে ৩৯৫।

 

Exit mobile version