পাবজি প্ৰকৃততে গে’ম এপ্ নাছিল, এক মানসিক ৰোগহে

1WhatsApp 20Image 202020 08 14 20at 203.11.42 20PM

কেন্দ্ৰীয় চৰকাৰে ভাৰতত পাবজিসহ ১১৮ টা ম’বাইল এপ্ নিষিদ্ধ কৰাৰ পাছত পাবজিপ্ৰেমীসকলে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে। কিন্তু চিকিৎসক গৱেষসকলৰ মতে, পাবজি প্ৰকৃততে কেৱল ম’বাইল এপ্ নাছিল, বৰঞ্চ এই এপ ব্যৱহাৰৰ ফলত বহু লোক মানসিকভাৱে নানা ৰোগত আক্ৰান্ত হৈছিল।পাবজি আসক্তিৰ ফলত তৰুণ প্ৰজন্ম শৈক্ষিক দিশত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল ।

আনকি এই অনলাইন মাল্টিপ্লেয়াৰ্চ ভিডিঅ’ গে’ম খেলাৰ আসক্তিৰ পৰিণতিত বহু লোকে দুৰ্ঘটনাত পতিত মৃত্যুক সাৱটিবলগা হৈছিল । পাবজি খেলাৰ চখ পূৰণ কৰিব নোৱাৰি কিশোৰ-কিশোৰীয়ে আত্মহনন কৰা ঘটনা ভাৰতত বহু ঠাইত সংঘটিত হৈছে। একেৰাহে ঘণ্টাৰ পাছত ঘন্টা ধৰি পাবজি খেলাৰ পৰিণতিত চিকিৎসাধীন হ’ব লগা ঘটনাও অনেক সংঘটিত হৈ আহিছে।

ৰাজস্থানৰ উদয়পুৰৰ চিকিৎসক শিখা শর্মাৰ মতে, পাবজি হৈছে একপ্ৰকাৰ মানসিক ৰোগ। যিসকল লোকে এই গেম অধিক সময় খেলে সেয়া ব্যক্তিজনৰ বাবে এৰাব নোৱাৰা নিচাত পৰিণত হয় আৰু ই ক্ৰমে মানসিক ব্যাধিলৈ ৰূপান্তৰিত হয়। আন বহু মানসিক ৰোগীৰ দৰে ম’বাইল গে’ম আসক্তসকলো নানা সমস্যাৰ সন্মুখীন হয় আৰু ইয়াৰ পৰিণতিত প্ৰাণ বিসৰ্জন দিব লগা হ’ব পাৰে বুলি চিকিৎসকগৰাকীয়ে সকীয়াই দিয়ে।

ডাঃ শৰ্মাই পাবজিৰ নিষিদ্ধকৰণৰ সিদ্ধান্তক সঠিক বুলি অভিহিত কৰি কয় , পাবজিৰ দৰে দৰে গে’ম নানা ৰোগৰ মূল কাৰক। এই গে’মৰ প্ৰচলন বৃদ্ধিৰ লগে লগে ভাৰতত যুৱ প্ৰজন্মৰ মাজত মানসিক ৰোগ আৰু সমস্যা বৃদ্ধি পাইছে । সেয়েহে পাবজিৰ নিষিদ্ধকৰণ এক যুক্তিগত সিদ্ধান্ত ।

Exit mobile version