মটঙা নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে ৫ লাখ টকীয়া বাহৰ দলং

WhatsApp Image 2020 09 08 at 6.55.25 PM

তামুলপুৰ মহকুমাৰ ভূটান সীমান্তৰ কুমাৰীকাটা-কাউলী সংযোগী গড়কাপ্তানী পথৰ মটঙা নদীৰ ওপৰত থকা একমাত্ৰ বাঁহৰ দলংখন আজি পুৱা নৈ খনৰ পানীৰ ঢলে উটুৱাই লৈ যায় ৷ ফলত কুমাৰীকাটা-কাউলী পথেৰে  ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা ৷

উল্লেখ্য যে স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো তামুলপুৰ মহকুমাৰ কুমাৰীকাটা- কাউলী সংযোগী পথৰ মটঙা নৈৰ ওপৰত এখন দলং নিৰ্মাণ নকৰাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছিল ভূটান সীমান্তৰ বহু কেইখন গাঁৱৰ লোকে ৷

বিগত সময়ছোৱাত  জনপ্ৰতিনিধি তথা কোনো এখন চৰকাৰে মটঙা নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাত দুবছৰ আগতে অঞ্চলটোৰ কেইজনমান যুৱকে স্থানীয় ৰাইজৰ সহযোগত প্ৰায় ৫ লক্ষাধিক টকা ব্যয় কৰি শৰাইঘাটৰ দলংৰ আৰ্হিত দুশ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলং এখন সাজি উলিয়াইছিল ৷ ৰাইজে গাঠিৰ ধন ভাঙি সাজি উলিওৱা উক্ত বাঁহৰ দলংখনেৰেই শেহতীয়াকৈ অঞ্চলটোৰ সকলো শ্ৰেণীৰ  ৰাইজে যাতায়ত কৰিছিল ।

কিন্তু যোৱা কে’বাদিনো ধৰি ভূটান পাহাৰত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত  আজি পুৱাৰ ভাগত মটঙা নদীৰ বুকুৱেদী হঠাৎ বৈ অহা পানীৰ ঢলে নৈ খনৰ ওপৰত থকা একমাত্ৰ বাঁহৰ দলং খন উটুৱাই নিয়াত এতিয়া হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৃহত্তৰ কাউলী অঞ্চলত ৷

আজি পুৱা সাতমান বজাত চকুৰ সন্মুখতে নদীৰ বাঢ়নি পানীয়ে বাঁহৰ দলংখন উটুৱাই নিয়াত ক্ৰন্দনত ভাঙি পৰে দলংখন চোৱা চিতাৰ দায়িত্বত থকা অঞ্চলটোৰ কে’বাজনো লোকে ৷

উল্লেখ্য যে এমাহ আগতে দুস্কৃতিকাৰীয়ে দলংখনৰ মাজ ভাগত অগ্নি সংযোগ কৰি দলংখনৰ বিস্তৰ ক্ষতি সাধন কৰিছিল যদিও ৰাইজে পুনৰ মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা কৰিছিল আৰু দলং খন চোৱা-চিতাৰ বাবে  নৈশ পহৰাৰো ব্যৱস্থা কৰিছিল ৷

Exit mobile version