ম্যানমাৰৰ পৰা অসমলৈ ড্ৰাগছৰ ঢল

drugs2

অসমকে ধৰি দেশৰ কে’বাখনো ৰাজ্যত শেহতীয়াকৈ সঘনে জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। ম্যানমাৰ আৰু দক্ষিণ পূব এছিয়াৰ কেবাখনো ৰাষ্ট্ৰৰ পৰা প্ৰেৰিত এই ড্ৰাগছ কৰ’নাৰ বাবে ঘোষণা কৰা তলাবন্ধৰ সময়ছোৱাতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত মজুত হয়। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰলৈয়ো ইয়াৰ পৰাই ড্ৰাগছৰ যোগান ধৰা হয়। এনে ড্ৰাগছ যোগানৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে গুৱাহাটী।

কঠোৰ তলাবন্ধৰ মাজতে যোৱা মাৰ্চৰ শেষৰ পৰা আগষ্ট পর্যন্ত গুৱাহাটীলৈ প্ৰায় পাঁচশ কোটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ সৰবৰাহ হয় বুলি অনুসন্ধানকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰে। গুৱাহাটীৰ পৰা শিলিগুৰি, মালদহ, দিল্লী, পঞ্জাৱ, চণ্ডীগড় আদিলৈ তাৰে এটা বৃহৎ অংশ প্ৰেৰণ কৰা হয়। আন এটা অংশ ধুবুৰী আৰু পশ্চিমবংগৰ সীমান্তইদি বাংলাদেশলৈ প্ৰেৰণ কৰা হয়। গুৱাহাটীৰ পৰাই সুদূৰ শ্ৰীলংকা পৰ্যন্ত ড্ৰাগছ প্ৰেৰণৰ তথ্য উদ্ধাৰ হৈছে। এনেদৰে গুৱাহাটী ড্ৰাগছ সৰবৰাহৰ সম্প্ৰতি আন্তৰ্জাতিক কেন্দ্ৰ হৈ পৰিছে।

আনহাতে, মিজোৰামৰ লগত ম্যানমাৰৰ যি দীঘলীয়া উন্মুক্ত আন্তৰ্জাতিক সীমান্ত আছে তাৰ সুযোগ লৈ ড্ৰাগছৰ সৰবৰাহ চলি আছে। আৰক্ষী সূত্ৰই জনোৱা মতে যোৱা ২৬ জুলাইত মিজোৰাম আৰক্ষীয়ে আন্তৰ্জাতিক সীমান্তৰ ওচৰত এক কোটি টকা মূল্যৰ ১.৯ কিলোগ্ৰাম হেৰ’ইন সহ এহাল পিতা পুত্ৰক গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পাছতে মণিপুৰৰ থৌবাল জিলাত অসম ৰাইফলছৰ দলে প্ৰায় ১২০ কোটি টকাৰ বিভিন্ন নিষিদ্ধ ড্ৰাগছ জব্দ কৰে। বিশেষকৈ মিজোৰাম আৰু মণিপুৰৰ পৰা সকলো ড্ৰাগছ আহে অসমলৈ। গুৱাহাটী দেশৰ সকলো প্ৰান্তৰ লগত সংযোজিত মহানগৰ হিচাপে ইয়াৰ মাজেদি অথবা ইয়াত মজুত ৰাখি সেইবোৰ প্ৰেৰণ কৰে বিভিন্ন স্থানলৈ।

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ যুৱ সমাজৰ এক বৃহৎ সংখ্যক সম্প্ৰতি ড্ৰাগছৰ কবলত পৰিছে। তাৰ বিপৰীতে কিন্তু অসম চৰকাৰৰ ভূমিকা এই ক্ষেত্ৰত অতি নিশকতীয়া। যাৰ বাবে গুৱাহাটী দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্রবোৰৰ লগত প্ৰেৰণ কৰা ড্ৰাগছৰ ট্ৰেনজিত পইণ্ট হৈছে। লগতে চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযান সম্পূৰ্ণ বিফল হৈছে।

Exit mobile version