এইয়াই শেষ মহামাৰী নহয়, বিশ্ব আনটো মহামাৰীৰ বাবে সাজু হওকঃ বিশ্ব স্বাস্থ্য সংস্থা

h 54345257 e1533023643407

epa06747281 Tedros Adhanom Ghebreyesus, director general of the World Health Organization (WHO), attends a press conference at the European headquarters of the United Nations in Geneva, Switzerland, 18 May 2018. The WHO Director-General answered questions ahead of the World Health Assembly and following the meeting of an International Health Regulations Emergency Committee on Ebola in the Democratic Republic of the Congo. EPA-EFE/VALENTIN FLAURAUD

সমগ্ৰ বিশ্বত কৰ’নাৰ আতংক ৷ তাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বকে সকীয়াই দি কৈছে যে তেওঁলোকে আনটো মহামাৰীৰ বাবে সাজু থাকক ।জেনেভাত অনুষ্ঠিত হোৱা  এক সংবাদমেলত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছে কয় যে এইটোৱে কোনো শেষ মহামাৰী নহয় । এই মহামাৰী জীৱনৰ সত্য, ই কেতিয়াও শেষ হৈ নাযায় ।

টেড্ৰ’ছে লগতে কয় যে বিশ্বৰ দেশসমূহে আগন্তুক মহামাৰীৰ পূৰ্বে ৰাজহুৱা স্বাস্থ্যত প্ৰচুৰ ধন বিনিয়োগ কৰা উচিত নহ’লে কৰ’নাৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে  । ইতিমধ্যে কৰ’না ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্বত ২.৭১কোটি লোক আক্ৰান্ত হৈছে আৰু ৮.৮৮লাখতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে ।টেড্ৰ’ছে লগতে কয় যে আন এটা মহামাৰীয়ে বিশ্বত আঘাত হনাৰ পূৰ্বে আমি সম্পূৰ্ণ সাজু হৈ লোৱা উচিত । বিশ্বৰ দেশসমূহে সম্ভাৱ্য বেমাৰৰ ভেকচিন আৰু দৰৱৰ ওপৰত সন্মিলিতভাৱে গৱেষণা কৰিব লাগে ।

ইপিনে সমগ্ৰ বিশ্বই সম্প্ৰতি কৰ’নাৰ ভেকচিনলৈ আশাৰে বাট চাই আছে ।তাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই জানিবলৈ দিয়ে যে বৰ্তমান সময়ত ৩৭টা ভেকচিন ক্লিনিকেল ট্ৰায়েলৰ বিভিন্ন পৰ্যায়ত আছে । WHOয়ে মুঠতে ১৮৮টা ভেকচিনৰ ওপৰত নজৰ ৰাখিছে ইয়াৰে ৯ টা ভেকচিন ট্ৰায়েল চূড়ান্ত পৰ্যায়ত আছে ।

Exit mobile version