গহপুৰত গৰু গাড়ীত উঠি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিবাদ

GOHPUROT GORU GARIT UTHI RIPUN BORAR PROTIBAD

ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা শীঘ্ৰে দূৰ কৰাৰ দাবীত আজি গহপুৰত গৰু গাড়ীত উঠি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই। ইয়াৰ সমান্তৰালভাবে শাসনাধিস্থ বিজেপি নেতৃত্বাধীন চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ সভাপতি বৰাই ।

উল্লেখ্য যে আজি দুপৰীয়া গহপুৰ কংগ্ৰেছৰ ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা শীঘ্ৰে দূৰ কৰাৰ দাবীত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা হয় । গহপুৰ নগৰৰ গহপুৰ সাপ্তাহিক বজাৰ গেটৰ পৰা পূৰুপবাৰী চেন্টাৰলৈকে বাহিৰ কৰা উক্ত বিশাল প্ৰতিবাদী সমদলত এখন গৰু গাড়ীত উঠি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই ।

প্ৰতিবাদস্থলীত চোকা ভাষাৰে শাসনাধিস্থিত বিজেপি চৰকাৰখনক সমালোচনা কৰি ৰিপুন বৰাই কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা দূৰ কৰিবলৈ সক্ষম নোহোৱা চৰকাৰখনে ৰাষ্ট্ৰীয় ঘাইপথত টোল গেট খুলি ৰাইজৰ পৰা ধন সংগ্ৰহৰে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে ।

ইয়াৰ বিপৰীতে বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰি জীয়াতু ভূগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে । ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে বিজেপি দলটোক পলায়নবাদী আখ্যা দি বৰাই পুনৰ কয় যে চাহ বাগিচাৰ সহজ-সৰল শ্ৰমিক সকলক বিজেপি দলে প্ৰতাৰণা কৰি আহিছে । কেৱল ভোটৰ লালসাতহে বিজেপি দলে চাহ শ্ৰমিকসকলক ব্যৱহাৰ কৰি আহিছে।

বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল হৈ পৰা উক্ত প্ৰতিবাদী সমদলত গহপুৰৰ প্ৰাক্তন বিধায়িকা তথা প্ৰাক্তন সংসদীয় সচিব মণিকা বৰা, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ লগতে গহপুৰৰ ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ বিষয়- বীয়াসকলে অংশগ্ৰহণ কৰে।

Exit mobile version