তলাবন্ধত কৰ্মস্পৃহা

ca580481 7892 4fa4 a482 89be81a8515f

অতিমাৰী কৰ’নাৰ বাবে দেশজুৰি ঘোষণা কৰা তলাবন্ধৰ বাবে আন দিশৰ লগতে দেশৰ অৰ্থনৈতিক দিশত যথেষ্ট প্ৰভাৱ পৰিছে। সমান্তৰালভাৱে দেশ তথা ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত কৰ্মস্পৃহা বৃদ্ধি পাইছে। ইয়াৰে এক উদাহৰণ মহানগৰী গুৱাহাটীৰ ফটাশিল আমবাৰীৰ যুৱক বিমান মেধি ৷ মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ স্নাতক প্ৰথম ষান্মাষিকৰ ছাত্ৰ বিমানে দিন হাজিৰা কৰি স্বাৱলম্বীতা লাভ কৰিবলৈ সক্ষম হৈছে।

তলাবন্ধৰ বাবে মহাবিদ্যালয় বন্ধ হৈ থকাৰ বাবে ঘৰত বহি সময় নষ্ট কৰাৰ পৰিৱৰ্তে দিন হাজিৰা কৰি লাভ কৰা টকাৰে বিমানে নিজৰ প্ৰয়োজন পুৰাবলৈ সক্ষম হৈছে। যোৱা আগষ্ট মাহৰ পৰা বিমানে নিজৰ এজন বন্ধুৰ ঠিকাদাৰ পিতৃৰ সহায়ত কাম লাভ কৰিবলৈ সক্ষম হয়। মহানগৰীৰ বিভিন্ন স্থানত নিৰ্মীয়মান অট্টালিকাত বিমানে পুটিং কটা, কাঠৰ আচবাবত চিৰিচ মৰা আদি বিভিন্ন ধৰণৰ কাম কৰিবলৈ আৰম্ভ কৰে।

এই সন্দৰ্ভত বিমানে কয়, “এইবোৰ কাম কৰাৰ অভিজ্ঞতা মোৰ নাছিল। কিন্তু ঘৰত এনেই বহি থকাতকৈ কাম কৰি উপাৰ্জন কৰিলে মই নিজৰ প্ৰয়োজনসমূহৰ বাবে দেউতা বা দাদাৰ ওচৰত হাত পাতিব লগা নহ’ব বুলি ভাবিয়ে কাম কৰিবলৈ ওলাই আহিলো ৷ তলাবন্ধৰ সময়ত আমাৰ ঘৰখনত কিছু আৰ্থিক নাটনিও হৈছিল। এতিয়া মই হাজিৰা কৰি পোৱা টকাৰে নিজৰ বাবে কিতাপ কিনাৰ লগতে আন সৰু সৰু প্ৰয়োজনসমূহো পূৰণ কৰিব পাৰিছো “।

ইপিনে বেৰত পুটিং কটা আৰু কাঠত চিৰিচ মৰাৰ সময়ত বিমানৰ আঙুলি কাটি তেজ ওলায়। আনকি কেতিয়াবা গধুৰ বস্তু দাঙি ওপৰলৈ উঠাৰ সময়ত শৰীৰত বিষ অনুভৱ কৰে বিমানে। কিন্তু সময়ৰ লগে-লগে এইবোৰ কাম অভ্যাসত পৰিণত হ’ব বুলিও বিমানে কয়। উল্লেখ্য যে ফটাশিল আমবাৰীত ভাৰাতীয়া হিচাপে থকা বিমানৰ পিতৃ সমবায়ত কাম কৰাৰ লগতে ককায়েক এটা কুৰিয়াৰ কোম্পানীত কৰ্মৰত। উক্ত উপার্জনেৰে পিতৃ-ককায়েক ভাড়াঘৰৰ খৰচ, অসুখীয়া মাতৃৰ চিকিৎসাৰ লগতে দৈনিক ভৰণ-পোষণৰ দ্বায়িত্ব পালন কৰি আছে।

উল্লেখ্য যে বিমানে দৈনিক পুৱা ৯ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ কাম কৰাৰ বিনিময়ত তিনিশ টকা লাভ কৰে। সন্ধিয়া পাঁচ বজাৰ পৰা নিশা আঠ বজালৈ অতিৰিক্ত তিনি ঘণ্টা কাম কৰাৰ বিনিয়ত অতিৰিক্ত ১২০ টকা লাভ কৰে। এই সন্দৰ্ভত বিমানে পুনৰ কয়, “পুৱা ন’ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ কাম কৰিলে এক হাজিৰা বুলি কয়। অতিৰিক্তকৈ নিশা আঠ বজালৈ কাম কৰিলে ডেৰ হাজিৰা বুলি কয়। মই প্ৰায়ে ডেৰ হাজিৰা কৰো আৰু দৈনিক ৪২০ টকাকৈ লাভ কৰোঁ। এইবোৰ কামত মই নতুন বাবেই মোৰ মজুৰি অলপ কম। অৱশ্যে মই সেই টকা দৈনিক নলও। প্ৰয়োজন হ’লেহে ঠিকাদাৰৰ পৰা মোৰ পাব লগা টকা লও।”

কাম কৰাৰ সমান্তৰালভাবে বিমানে দৈনিক নিজৰ পঢ়া-শুনাও অব্যাহত ৰাখিছে। পঢ়াত সহায়ক হোৱাকৈ বিমানে টিউচন লৈছে। টিউচন থকাৰ দিনা বিমানে সন্ধিয়া পাঁচ বজাত কাম শেষ কৰি কামৰ পৰা বাহিৰে বাহিৰে টিউচনলৈ যায়। টিউচন থকাৰ দিনা বিমানে কিতাপ আৰু টিউচনলৈ পিন্ধি যোৱা কাপোৰ বেগত ভৰাই লৈ আহে বুলিও জানিবলৈ দিয়ে। কৰ’নাই সৃষ্টি কৰা পৰিবেশৰ বাবে যান বাহনৰ ভাড়া পূৰ্বতকৈ কিছু বৃদ্ধি পাইছে।

গাড়ীত অহা-যোৱা কৰি ভাড়া ভৰিবলৈ কিছু অসুবিধা হোৱা বাবে বিমানে ঠিকাদাৰে দিয়া চাইকেলেৰে কৰ্মস্থলীলৈ অহা-যোৱা কৰে। ফটোগ্ৰাফীৰ প্ৰতি যথেষ্ট আগ্ৰহী বিমানে একমাত্ৰ আৰ্থিক অভাৱৰ বাবে নিজৰ এই নিচা এৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি কয়, ” মই ক’তো ফটোগ্ৰাফীৰ প্ৰশিক্ষণ লোৱা নাই।

কিন্তু নিজৰ ইচ্ছা আৰু আগ্ৰহৰ বাবে মই কেতিয়াবা বন্ধুৰ পৰা কেমেৰা লৈ দুই-এখন ফটো উঠাও। কেমেৰা এটা কিনাৰ সামৰ্থ মোৰ বাবে মোৰ পৰিয়ালৰ নাই। সেই বাবে এই নিচা এৰিব লগা হ’ল।” ভৱিষ্যতে বিমান এজন সফল ব্যৱসায়ী হোৱাৰ সপোন পুহি ৰাখিছে বুলি জানিবলৈ দিয়ে৷ বিমানৰ এই কৰ্মস্পৃহাক ছ’চিয়েল মিডিয়াৰ অন্যতম ফেচবুকৰ জৰিয়তে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই প্ৰশংসা কৰাৰ লগতে বিমানক শুভেচ্ছাও জনাইছে।

Exit mobile version