অযোধ্যাৰ ধন্নীপুৰত মছজিদৰ লগতে নিৰ্মাণ হ’ব ২০০খন বিছনাযুক্ত চিকিৎসালয়

ayodhya masjid 1598931022

অযোধ্যাত ধন্নীপুৰ গাঁৱত মছজিদৰ লগতে ৫ একৰ মাটিত বিশ্বস্তৰীয় সুবিধাযুক্ত ২০০খন বিছনাৰ চিকিৎসালয় নিৰ্মাণ কৰা হ’ব বুলি ইণ্ডো-ইছলামিক কালচাৰেল ফাউণ্ডেচন(IICF)এ প্ৰকাশ কৰে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী উত্তৰ প্ৰদেশ চৰকাৰে মছজিদ নিৰ্মাণৰ বাবে উত্তৰ প্ৰদেশ চুন্নী চেণ্ট্ৰেল ৱাকফ ব’ৰ্ড(UPSCWB)ক ৫ একৰ ভূমি প্ৰদান কৰিছিল ।

আই আই চি এফৰ সচিব অতিহাৰ হুছেইনে কয় যে চিকিৎসালয়খন ইণ্ডো ইছলামিক চেণ্টাৰ কমপ্লেক্সৰ অংশ হ’ব, য’ত এটা সাম্প্ৰদায়িক ৰান্ধনীঘৰ আৰু ইণ্ডো ইছলামিক গৱেষণা কেন্দ্রও অন্তৰ্ভুক্ত কৰা হ’ব । গৱেষণা কেন্দ্ৰত এটি সংগ্ৰহালয় আৰু এটা গ্ৰন্থাগাৰো থাকিব ।

লগতে কয় যে, ক্ষেত্ৰৰ সৰ্বাধিক ঠাই চিকিৎসালয় নিৰ্মাণতে ব্যৱহাৰ কৰা হ’ব। যিটো বৃহত্তম জনসাধাৰণৰ ব্যৱহাৰৰ বাবে স্থাপন হ’ব । আনহাতে, চিকিৎসালয়ৰ নিৰ্মাণৰ কাম আগন্তুক কিছু মাহতে আৰম্ভ কৰা হ’ব আৰু এই পৰ্যন্ত চিকিৎসালয়ৰ নাম চূড়ান্ত কৰা হোৱা নাই।

উল্লেখ্য যে, ১ ছেপ্টেম্বৰত ট্ৰাষ্টে বাবৰি মছজিদৰ ঠাইত অযোধ্যাৰ ধন্নীপুৰত নিৰ্মাণ হ’বলগীয়া মছজিদৰ নক্সা তৈয়াৰৰ বাবে লক্ষ্ণৌস্থিত Architect cum Town planner আৰু আৰ্কিটেকচাৰ জামিয়া মিলিয়া ইউনিভাৰ্চিটি, দিল্লীৰ Dean Faculty ৰ এজন সংস্থাপক নিয়োগ কৰিছিল ।

লগতে ট্ৰাষ্টে প্ৰসিদ্ধ ভাৰতীয় শিক্ষাবিদ আৰু খাদ্য সমালোচক পুষ্পেশ পান্তক ইণ্ডো ইছলামিক চেণ্টাৰ কমপ্লেক্সৰ এটি অংশ সংগ্ৰহালয়ৰ ‘ক’ বিভাগৰ খাদ্য সংৰক্ষণাগাৰৰ পৰামৰ্শ উপদেষ্টা হিচাপে নিয়োগ কৰিছে।

Exit mobile version