এজন অসুস্থ হোৱাৰ পাছত AstraZeneca ক’ভিড ভেকচিনৰ অধ্যয়ন স্থগিত

astrazeneca 1 884647 1599627479

AstraZeneca ক’ভিড-১৯ ভেকচিনৰ শেষপৰ্যায়ৰ অধ্যয়ন এজনৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া আৰু অসুস্থতাৰ বাবে স্থগিত কৰি ৰখা হৈছে। এক সূত্ৰত প্ৰকাশ যে, মঙলবাৰে বিয়লি কোম্পানীয়ে কয় যে, শুদ্ধ তদন্তৰ খাতিৰতে বৰ্তমান অধ্যয়ন স্থগিত ৰখা হৈছে আৰু উচ্চ পৰ্যায়ৰ পৰ্যালোচনা কৰা হৈছে। কিন্তু AstraZeneca ই এই সন্দৰ্ভত কোনো স্পষ্ট মত প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, যোৱা মাহৰ শেষৰ ভাগত AstraZeneca ৰ ট্ৰায়েল কৰা আৰম্ভ হৈছিল আৰু ইয়াৰ বাবে আমেৰিকাৰ ৩০ হেজাৰ লোকক ভৰ্তি কৰোৱা হৈছিল । এইটো আছিল ক’ভিড ভেকচিনৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ অধ্যয়ন। লগতে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা তৈয়াৰী এই ভেকচিনৰ পৰীক্ষণ কৰিছিল ব্ৰিটেইন, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ কিছু সংখ্যকে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন দুটা ভেকচিনৰ অন্তিম পৰ্যায়ৰ পৰীক্ষা কৰি থকা হৈছে। তাৰে এটা Moderna Inc. ৰ দ্বাৰা তৈয়াৰী আৰু আনটো পিফাইজাৰ আৰু জাৰ্মানৰ বায়’এনটেকৰ দ্বাৰা তৈয়াৰী। AstroZeneca ৰ তুলনাত দুয়োটা ভেকচিনে বেলেগ বেলেগ কাম কৰে।

উল্লেখ্য যে, AstraZeneca হৈছে তৃতীয়টো সংস্থা যি বৃহৎ মাত্ৰাত ভেকচিনৰ তৃতীয় ঢাপৰ ক্লিনিকেল ট্ৰায়েল কৰিছে।আনহাতে, এই ক্ষেত্ৰত সংস্থাটোৱে জনায় যে, অধিক হাৰত ভেকচিনৰ ট্ৰায়েল কৰিলে এনে ধৰণৰ অসুস্থতা দেখা দিয়েই। অৱশ্যে, কি কাৰণে ব্যক্তিজন অসুস্থ হৈ পৰিল সেয়া এতিয়াও স্পষ্ট কৰা নাই সংস্থাই।

Exit mobile version