ক’ভিড-১৯ সম্পৰ্কীয় দেশৰ শেহতীয়া খবৰ

Coronavirus 1

পাঞ্জাৱঃ কৰ’না ভাইৰাছৰ সংক্ৰমিত লোকসকলক সময়মতে চিনাক্তকৰণেৰে মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ পাঞ্জাৱ চৰকাৰে জিলাৰ স্বাস্থ্য কৰ্তৃপক্ষৰ সৈতে এক তালিকা প্ৰস্তুত কৰি সকলো ব্যক্তিগত হাস্পতাল/ক্লিনিক/গৱেষণাগাৰত ৰেপিড এণ্টিজেন টেষ্ট সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে ৷

মহাৰাষ্ট্ৰঃ তিনি মাহৰ ভিতৰত প্ৰথমবাৰলৈ মহাৰাষ্ট্ৰত ন’ভেল কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বৃদ্ধিৰ হাৰ দেশৰ সামগ্ৰিক হাৰতকৈ অধিক হৈছে ৷ ৰাষ্ট্ৰীয় হাৰ ২.১৪%ৰ বিপৰীতে মহাৰাষ্ট্ৰত এই হাৰ ২.২১%লৈ বৃদ্ধি পাইছে ৷ পূৰ্বতে প্ৰতিদিনে ১০-১২হাজাৰৰ বিপৰীতে এতিয়া এদিনতে ২০,০০০তকৈ অধিক লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ বৰ্তমান  মহাৰাষ্ট্ৰত বৰ্তমান ২,৪৩,৮০৯গৰাকী ৰোগী আক্ৰান্ত হৈ আছে ৷

গুজৰাটঃ মঙলবাৰে নিশা বদোদৰা পৌৰ নিগমৰ অধীনস্থ এছএছজি হাস্পতাল অগ্নিকাণ্ডৰ সূত্ৰপাত হয়, য’ত ২৭২গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছিল ৷ ক’ভিড আইছ’লেচন বিল্ডিঙৰ প্ৰথম মহলাৰ আইচিইউ ৱাৰ্ডত শ্বৰ্ট চাৰ্কিৰ বাবে জুইৰ সুত্ৰপাত হয় ৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷

ৰাজস্থানঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী গেহলটে চিকিৎসকৰ পৰামৰ্শমতে এমাহৰ বাবে সকলো বৈঠক বাতিল কৰিছে ৷ এই সময়ছোৱাত তেওঁ কেৱল ভিডিঅ’ কনফাৰেন্সযোগে প্ৰশাসনৰ কাম-কাজ তদাৰক কৰিব ৷ মুখ্যমন্ত্ৰী আৱাসৰ ৪০গৰাকী কৰ্মচাৰী ক’ভিড পজিটিভ হোৱাৰ পাছতে এই ঘোষণা কৰে ৷

মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশ চৰকাৰে সমগ্ৰ ৰাজ্যখনৰ ক’ভিড-১৯ পৰীক্ষা বিনামূলীয়া বুলি ঘোষণা কৰিছে ৷ শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

চত্তীশগড়ঃ ২,৫৪৫গৰাকী লোক নতুনকৈ আক্ৰান্তৰে চত্তীশগড়ত ক’ভিড-১৯ ৰোগীৰ সংখ্যা ৫০,১১৪গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান ৰাজ্যখনত ২৬,৯১৫গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ ইয়াৰে প্ৰায় ৪০%ই গ্ৰামাঞ্চলৰ ৷

অৰুণাচলপ্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২২১গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে এজনৰ মৃত্যু হৈছে ৷ অৰুণাচলত বৰ্তমান ১,৬৭০গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷ ৰাজ্যখনত আৰোগ্য ৰ হাৰ ৬৯.৪২% আৰু এতিয়ালৈকে ৯জন লোকৰ মৃত্যু হৈছে ৷

অসমঃ কালিৰ দিনটোত অসমত ২,৫৭৯গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,১৬৬গৰাকীক ডিচাৰ্জ দিয়া হৈছে ৷ ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ ভিতৰত ২৯,২০৩গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু মুঠ ১,০১২৩৯গৰাকী আৰোগ্য হৈছে ৷

মণিপুৰ: মণিপুৰত কালি ৯৬জন ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২৬জন আৰোগ্য হৈছে ৷ মুঠ ১,৬৭৯গৰাকী লোক চিকিৎসাধীন হৈ থকা মনিপুৰৰ আৰোগ্যৰ হাৰ ৭৬% ৷

মিজোৰামঃ ৰাজ্যখনত কালি নতুনকৈ ৬৯জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৷ মুঠ আক্ৰান্ত ১,১৯২গৰাকী ৰোগী ভিতৰত এতিয়ালৈ ৪৪৭জন চিকিৎসাধীন আৰু ৭৪৫জন আৰোগ্য হৈছে ৷

নাগালেণ্ডঃ ডিমাপুৰৰ উপায়ুক্তই সামগ্ৰী পৰিবহণ আৰু যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত সুৰক্ষাজনিত নিৰ্দেশনা জাৰি কৰিছে ৷ সামগ্ৰী পৰিবাহী বাহনৰ চালক আৰু হেণ্ডিমেনৰ স্ক্ৰিনিং বাধ্যতামূলক কৰা হৈছে ৷ ৰাজ্যখনত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৪,২৪৫লৈ বৃদ্ধি পাইছে ৷ ইয়াৰে ভিতৰত ১,৮২৩গৰাকী সেনাবাহনীৰ লোকো আছে ৷

কেৰালাঃ ৰাজ্যিক স্বাস্থ্য বিভাগে মালাপ্পুৰমস কেছাৰগড, থিৰুৱন্তপুৰম আৰু এৰ্নাকুলাম জিলাত ক’ভিড-১৯ৰ পৰীক্ষাৰ হাৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৷ বিভাগৰ তথ্যমতে কান্নুৰ থিৰুৱন্তপুৰম আৰু ক’ঝিকোড়েত ক’ভিড-১৯ত মৃত্যুৰ হাৰ সৰ্বাধিক ৷ কালিৰ দিনটোত কেৰালাত পুনৰ ৩,০২৬গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৷ ৰাজ্যখনত বৰ্তমান ২৩,২১৭গৰাকী লোক চিকিসাধীন হৈ আছে ৷ চৰকাৰী তথ্যমতে কেৰালাত বৰ্তমানলৈকে ক’ভিড ৩৭২গৰাকী লোকৰ মৃত্যু হৈছে ৷

তামিলনাডুঃ ৰাইজৰ বিপুল দাবীত বৃহস্পতিবাৰৰ পৰা চেন্নাই মেট্ৰ’ এক্সপ্ৰেছ চলাচলৰ সময় নিশা ৯ বজালৈকে বৃদ্ধি কৰা হৈছে ৷ মেট্ৰ’ৰ প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণ কাম জুন মাহতে সম্পূৰ্ণ কৰা কথা আছিল যদিও ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি সদৰী কৰিছে ৷ কালি তামিলনাডুত ৫,৬৮৪জন নতুনকৈ আক্ৰান্ত, ৬,৫৯৯জন ডিচাৰ্জ আৰু ৮৭জন ৰোগীৰ মৃত্যুৰ খবৰ পোৱা গৈছে ৷ বৰ্তমান ৰাজ্যখনত ৫০,২১৩গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷ ৰাজ্যখন এতিয়ালৈকে ৮,০১২গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷

কৰ্ণাটকঃ উপ-মুখ্যমন্ত্ৰী ড০ চি.এন. অশ্বথ নাৰায়ণে আজি ক’ভিড-১৯ নিৰ্মূল কৰিবপৰা ২২টা সামগ্ৰী মুকলি কৰে ৷ ইফালে বিধানসভাৰ অধ্যক্ষই কয় যে ২১ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া বিধানসভা অধিৱেশনত উপস্থিত থাকিবলগীয়া সকলোৱে বাধ্যতামূলক ক’ভিড টেষ্ট কৰাব লাগিব ৷

অন্ধ্ৰপ্ৰদেশঃ ক’ভিড-১৯ চিকিৎসা খৰতকীয়া কৰাৰ বাবে ৰাজ্যখনত প্লাজমা দান কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷ ৰাজ্যখনত প্ৰতিগৰাকী প্লাজমা দাতাক ৫,০০০টকাকৈ প্ৰদান কৰা হ’ব ৷ বৰ্তমান ৰাজ্যখনত প্ৰায় ৩৭,০০০ গৰাকী প্লাজমা দিবপৰা লোক আছে ৷

তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২,৪৭৯ নতুনকৈ আক্ৰান্ত, ২,৪৮৫ আৰোগ্য আৰু ১০জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে ৷ বৰ্তমান ৰাজ্যখনত ৩১,৬৫৪গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷ ৰাজ্যখনত ক’ভিডত এতিয়ালৈকে ৯১৬গৰাকী ৰোগীৰ মৃত্য হৈছে ৷

Exit mobile version