কমলা হেৰিছ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হ’লে আমেৰিকাৰ কাৰণে ইতিকিংৰ বিষয় হৈ পৰিবঃ ড’নাল্ড ট্ৰাম্প

PRI 161170460

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ‘Democratic Vice President’ ৰ প্ৰাৰ্থী কমলা হেৰিছক ক্ষুৰধাৰ সমালোচনা কৰি কয় “জনসাধাৰণে তেওঁক ভাল নাপায়”, আৰু যদি তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় তেন্তে কমলা হেৰিছ ইতিকিঙৰ বিষয় হৈ পৰিব ৷

ইফালে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক নিৰ্বাচনী প্ৰচাৰ ৰেলীত জ’ বাইডেনৰ সম্পৰ্কত কয় “মই পুনৰ কৈছো, যদি বাইডেন জয়ী হয়, তেন্তে ইয়াৰ দ্বাৰা চীনে জয়লাভ কৰিব।

ট্ৰাম্পে লগতে কয় ” আমেৰিকাৰ আৰ্থিক স্থিতি সবল কৰা পৰ্যায়ত আমি আছো ৷ চীনৰ মহামাৰীয়ে বহু অসুবিধাৰ সৃষ্টি কৰিছিল যদিও সম্প্ৰতি আমেৰিকাৰ আৰ্থিক অৱস্থা সুস্থিৰ ৷ কমলা কেতিয়াও আমেৰিকাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ব নোৱাৰে ।”ট্ৰাম্পে বাইডেনক চীনৰ সমৰ্থক বুলিও মন্তব্য কৰে ৷

লগতে ট্ৰাম্পে কয় “চীনে বাইডেন জয়ী হোৱাটো কিয় বিচাৰে সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে । কাৰণ চীনে ভালকৈয়ে জানে যে যদি বাইডেন জয়ী হয় তেন্তে আমেৰিকাৰ পৰাজয় নিশ্চিত। “

Exit mobile version