কেনে আছে ‘মাদাৰ অল্ড এজ হোম’ৰ ক’ভিড-১৯ ত আক্ৰান্ত আইতাকেইগৰাকী : চাওঁক বিতং তথ্য

WhatsApp Image 2020 09 09 at 7.59.36 PM

সমগ্ৰ ৰাজ্যত কৰ’না মহামাৰীয়ে সম্প্ৰতি সন্ত্ৰাসৰ সৃষ্টি কৰিছে । শিশুৰ পৰা বয়সস্থলোক সকলৰ বাবে এই অতিমাৰী হৈ পৰিছে ভয়ংকৰ । ইয়াৰ মাজতে এই অতিমাৰীত আক্ৰান্ত হৈছে হাতীগাঁওস্থিত ‘মাদাৰ অল্ড এজ হোম’ৰ ১২ গৰাকীকৈ আইতা । ক’ভিড-১৯ আক্ৰান্তসকলৰ ভিতৰতে আছে ১০১ বছৰীয়া এগৰাকী বৃদ্ধা ।

 

প্ৰথমাৱস্থাত আশ্ৰমত আক্ৰান্ত হোৱা বৃদ্ধাকেইগৰাকীৰ শৰীৰত ক’ভিড-১৯ৰ কোনো লক্ষণ দেখা দিয়া নাছিল যদিও ৰেপিড টেষ্ট কৰাত কৰ’না পজিটিভ ধৰা পৰে । বৰ্তমান ১২ গৰাকী আইতাৰ ভিতৰত ৫ গৰাকী হোম আইচ’লেচনত, ৫ গৰাকী দিল্লী পাব্লিক স্কুলত আৰু ২ গৰাকীক মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত ৰখা হৈছে ।

তাৰ উপৰিও আশ্ৰমখনত কৰ’নাত কেনেদৰে আক্ৰান্ত হ’ল সেই বিষয়ে কোনো উমান পোৱা নগ’ল বুলি জনায় আশ্ৰমৰ কৰ্তৃপক্ষই । লগতে জনায় যে কৰ’নাত আক্ৰান্ত হোৱা আটাইতকৈ বয়সস্থ ১০১ বছৰীয়া আইতা গৰাকীৰ স্বাস্থ্য এতিয়া প্ৰায় ভালেই আছে ।

আনহাতে, হোম আইচ’লেছনত ৰখা ৫ গৰাকী বৃদ্ধা মানসিকভাৱে অসুস্থ । আনগৰাকীৰ বয়স ৯৫ বছৰ আৰু এলজাইমাৰ ৰোগত আক্ৰান্ত । হোম আইছ’লেচনত ৰখা বৃদ্ধাকেইগৰাকীক বৰ্তমান আশ্ৰমৰে নাৰ্ছ আৰু কেয়াৰ টেকাৰে পৰিচর্চা কৰিছে ।

আশ্ৰমৰ কৰ্তৃপক্ষই আক্ৰান্ত পাঁচগৰাকীৰ বাবে প্ৰয়োজন অনুসাৰে পিপিই কিট আৰু এন-৯৫ মাস্ক যোগান ধৰিবলৈ মহানগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক অনুৰোধ জনাইছে।

উল্লেখযোগ্য যে সোমবাৰে ড° ফাৰুকৰ লগতে সুশান্ত ৰয়ৰ এটা দলে বৃদ্ধা আশ্ৰমখনত উপস্থিত হৈ লেলাউটিৰ পৰীক্ষা কৰে। ইয়াৰ পিছতে কৰ’নাত আক্ৰান্ত হয় বৃদ্ধা আশ্ৰমখনৰ ১২ গৰাকীকৈ আইতা ৷ আক্ৰান্ত আইতাকেইগৰাকী যাতে সোনকালে সুস্থ হৈ উঠে তাৰেই কামনা কৰিছে সকলোৱে।

Exit mobile version