নীতি নিয়মৰ মাজেৰে সাধাৰণ পৰিষদৰ বৈঠক হৈ গৈছেঃ অতুল বৰা

ATUL

যোৱা ২৭ আগষ্টত অসম গণ পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক গঠনৰ উদ্দেশ্য অনুষ্ঠিত সাধাৰণ পৰিষদৰ বৈঠকৰ সিদ্ধান্ত কাৰ্যকৰীকৰণত স্থগিতাদেশ জাৰি কৰে কামৰূপ মহানগৰ দেৱানী আদালতে  ৷ বৈঠকখন স্থগিত ৰখাৰ বাবে যোৱা ২৬ আগষ্টত একেখন আদালতে জাৰি কৰা নিৰ্দেশক অমান্য কৰা আৰু ক’ভিড-১৯ৰ স্বাস্থ্যবিধি উলংঘা কৰাৰ অভিযোগত শক্তি শৰ্মাৰ আদালতে এই নিৰ্দেশনা জাৰি কৰে ৷

ইয়াৰ জৰিয়তে নৱনিৰ্বাচিত ৰাজ্যিক সমিতিখনকো পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত আদালতে নিষ্ক্ৰিয় কৰে । এই সংক্ৰান্তত নবনিৰ্বাচিত সভাপতি অতুল বৰা, কাৰ্যকৰী কেশৱ মহন্ত আৰু ফণী ভূষণ চৌধুৰীক চমন জাৰি কৰা হয় । অহা ১৯ নৱেম্বৰত এই গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব ।

উল্লেখযোগ্য যে অগপৰ কেন্দ্ৰীয় পৰিষদৰ সভাখন একপক্ষীয়ভাৱে অনুষ্ঠিত কৰা হৈছিল বুলি দলৰ মহানগৰ জিলা সমিতিয়ে আদালতত এক অভিযোগ দাখিল কৰে ৷ ইয়াৰ ভিত্তিত আদালতে বৈঠক স্থগিত ৰখাৰ বাবে যোৱা ২৬ আগষ্টত এক নিৰ্দেশনা জাৰি কৰে । কিন্তু সেই নিৰ্দেশ নিয়ম অনুসৰি লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত সভাপতি অতুল বৰাৰ নেতৃত্বত সাধাৰণ পৰিষদৰ বৈঠকখন অনুষ্ঠিত হয় । এই সভাত পুনৰ অতুল বৰাৰ নেতৃত্বত ৰাজ্যিক সমিতিখন গঠন কৰা হয়।

  ইপিনে এই নিৰ্দেশনাৰ সন্দৰ্ভত সভাপতি বৰাই কয় যে বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিয়ম ভংগ কৰা নাই । নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা হৈছিল। গোচৰ তৰাসকলে ভুল তথ্যৰে আদালতক পৰিচালনা কৰাৰ অভিযোগ কৰি বৰাই কয় “আমি আজিও আদালতৰ নিৰ্দেশৰ কোনো চাৰ্টি ফাইড নথি পোৱা নাই । কিন্তু আমাৰ দলত শেহতীয়াকৈ হোৱা সিদ্ধান্ত নিয়ম অনুসৰি হৈছে ৷”

বৰাই লগতে অভিযোগ কৰে আদালতে তেওঁলোকৰ বক্তব্য শুনিলে সকলো স্পষ্ট হ’ব । কাৰণ এটা পক্ষৰ অভিযোগৰ ভিত্তিত নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয় । নতুন সমিতি গঠনৰ পাছত সেই তথ্য এটা পঞ্জীয়নকৃত দল হিচাপে নিৰ্বাচন আয়োগকো দাখিল কৰা হৈছে বুলি বৰাই জনায় । কাৰণ আয়োগৰ নিয়ম অনুসৰি অহা ১৭ ছেপ্টেম্বৰৰ পূৰ্বে দলৰ পুনৰ গঠন হ’ব লাগিব । আনহাতে ক’ভিডৰ স্বাস্থ্যবিধি বৈঠকখনত উলংঘা কৰা হৈছিল নে নাই সেই তথ্যও পৰৱৰ্তী শুনানিত পৰীক্ষা কৰা হ’ব ৷

Exit mobile version