পৰিচয় পত্ৰত মহিলাৰ নামো থাকিব, আইন সংশোধন আফগানিস্তানৰ

Screenshot 79

অৱশেষত আত্মপৰিচয় লাভ কৰিলে আফগান মহিলাই । এক সুদীৰ্ঘ প্ৰচেষ্টাৰ অন্তত পৰিৱৰ্তনৰ বাৰ্তা আহিল সন্ত্ৰাসজর্জৰ দেশখনলৈ । ঘটনাটো প্ৰায় তিনি বছৰ পূৰ্বৰ । এদিন সন্ধিয়া এখন নিমন্ত্ৰণী পত্ৰ আহিল এটি ঘৰলৈ ।প্ৰখ্যাত এজন লেখকৰ প্ৰয়াত পত্নীৰ স্মৰণ অনুষ্ঠান । কিন্তু যিগৰাকী মহিলাৰ স্মৃতিত অনুষ্ঠান লেখকৰ সেইগৰাকী জীৱন সংগিনীৰ নাম এবাৰৰ বাবেও উল্লেখ কৰা হোৱা নাছিল নিমন্ত্ৰণী পত্ৰখনত ।

অৱশ্যে আফগানিস্তানত এনে ধৰণৰ ঘটনা নতুন নহয় । বিয়াৰ নিমন্ত্ৰণীপত্ৰ অথবা সমাধিস্থল কোনো স্থানতে নাথাকে যুৱতী-মহিলাৰ নাম । দেশখনত মহিলাসকলৰ বাবে নিৰ্ধাৰিত হয় কাৰোবাৰ মাতৃ, কাৰোবাৰ ভগ্নী অথবা কাৰোবাৰ পত্নী হিচাপেহে । কিন্তু প্ৰয়াত মাতৃৰ নাম নথকা নিমন্ত্ৰণী পত্ৰখন হাতত লৈ স্থিৰে থাকিব নোৱাৰিলে হেৰাট বিশ্ববিদ্যালয়ৰ স্নাতক ২৮ বছৰ বয়সীয়া লালে ওচমানিয়ে ।

যুৱতী গৰাকীয়ে ছ’চিয়েল মিডিয়াত বিষয়টো উত্থাপন কৰি প্ৰশ্ন কৰে, ‘তেন্তে মোৰ নাম কি ?’ তিনি বছৰ পূৰ্বে ওচমানিয়ে উত্থাপন কৰা প্ৰশ্নটোৱে অৱশেষত উত্তৰ আহিল আফগান চৰকাৰৰ পৰা । যুৱতীগৰাকীৰ দাবী আছিল ৰাষ্ট্রীয় পৰিচয়পত্ৰত পিতৃৰ লগতে মাতৃৰ নামো থাকিব লাগিব ।

এই দাবী মানি লৈছে আফগান চৰকাৰে । গ্ৰীষ্মবন্ধৰ অন্তত সংসদ বহিলেই গৃহীত হৈ উঠিব আইনখন । যুৱতীগৰাকীয়ে তিনি বছৰ পূৰ্বে পৰিচয় বিচাৰি উত্থাপন কৰা প্ৰশ্নক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ বাদানুবাদ হৈ গৈছে।

আফগানিস্তানত যুৱতী-মহিলাৰ নাম উচ্চাৰণ কৰাটোও ‘অশালীন’ তথা পৰিচয়ত নাম উল্লেখ হোৱাটো ‘সমাজবিৰোধী’ কাম হিচাপে গণ্য কৰা হয় ।স্বামীৰ অনুপস্থিতিত দেশখনত মহিলা সকলে বেংকৰ পৰা ধন উলিয়াবলৈকো নোৱাৰে ।

সম্প্ৰতি দেশখনত যুদ্ধ বিৰতি আৰু মাৰ্কিন সামৰিকবাহিনী প্ৰত্যাহাৰ আদিক লৈ তালিবানৰে শান্তি আলোচনা চলি আছে যদিও ইয়াৰ মাজতে লোকপিয়ল আইনখন সংশোধন কৰা হয় । তালিবানে দেশখনত মহিলাৰ অধ্যয়ন তথা চাকৰি কৰা নিষিদ্ধ কৰিছিল ।

Exit mobile version