বাঘজানৰ অভিশপ্ত তৈল খাদত পুনৰ অঘটন

IMG 20200909 WA0018 1

যোৱা ৯ জুনৰ পৰা দাওদাওকৈ জ্বলি থকা তিনিচুকীয়া জিলাৰ বাঘজানৰ অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ-৫ নং তৈল খাদত ব্ল-আউট নিয়ন্ত্ৰণৰ অভিযানত ছিংগাপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ, অএনজিচি’ৰ নাজিৰা আৰু বড়োদা ডিভিজনৰ অভিজ্ঞ বিশেষজ্ঞ দলটোক সহায়ক হিচাপে নিয়োজিত অইলৰ এগৰাকী বিদ্যুৎ বিভাগৰ অভিযন্তাই তৈল খাদটোত বিদ্যুৎপৃষ্ঠ হৈ আজি কৰুণ মৃত্যুক আকোঁৱালি ল’বলগীয়া হোৱা ঘটনাই বাঘজানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

ঘটনাৰ বিৱৰণী মতে যোৱা ২৭ মে’ত গেছ কূপ বিস্ফোৰণ (ব্ল-আউট) ঘটি ৯ জুনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত অভিশপ্ত বি জি আৰ-৫ নং তৈল খাদটোত আজি অইলৰ বিদ্যুৎ বিভাগৰ অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈৰ নেতৃত্বত ছয় জনীয়া দল এটাই তৈল খাদটোৰ পৰা বাঘজান গাঁৱস্থিত ইপিএছটোলৈ প্ৰাকৃতি গেছ আৰু কণ্ডেনছেট অইল বাইপাছ পাইপ লাইন কানেকচনৰ অইলডিঙৰ কাম কৰি আছিল ৷

অইলৰ দলটোৱে পুৰনিকলীয়া কাৰিকৰী পদ্ধতিৰে বিপদসংকুল অৱস্থাত দাওদাওকৈ জ্বলি থকা অভিশপ্ত তৈল খাদটোৰ ৱেল হে’ডটোৰ তলত ১৮ ইঞ্চি বহল লোহাৰ পাইপত অইলডিঙৰ কাম কৰি থকা সময়তে বিয়লি ২.৩৪ বজাত বিদ্যুত পৰিবাহিত ইলেক্ট্ৰনিক ৱাৰত শ্বৰ্টচাৰ্কিট ঘটে ৷ ঘটনাৰ লগে লগে শ্বৰ্টচাৰ্কিট হোৱা ইলেক্ট্ৰনিক ৱাৰডাল আঁতৰাই দিবলৈ বিদ্যুৎ বিভাগৰ অভিযন্তা বৰদলৈয়ে আগবাঢ়ি যাওতেই বিদ্যুৎপৃষ্ঠ হৈ বৰদলৈ তলত পৰি যায় আৰু জ্ঞান হেৰুৱাই পেলায়।

বৰদলৈক ততাতৈয়াকৈ অইলৰ এম্বুলেন্সত অইল কৰ্তৃপক্ষই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ লৈ যায় যদিও চিকিৎসালয়ত চিকিৎসকে বৰদলৈক মৃত ঘোষণা কৰে ৷ অভিশপ্ত তৈল খাদটোত আজি কৰুণ মৃত্যুক আকোঁৱালি লোৱা অৰ্ণৱ কিশোৰ বৰদলৈৰ ঘৰ যোৰহাট তিতাবৰত বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে অভিশপ্ত বি জি আৰ-৫ নং তৈল খাদত অইলৰ বিষয়া মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে ৷ ইয়াৰ পূৰ্বে যোৱা ৯ জুনত তৈল খাদটোত সংঘটিত অগ্নিকাণ্ডত অইলৰ দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁইৰ মৃত্যু ঘটিছিল ৷

উক্ত তৈল খাদটোত কাইলৈ অএনজিচি’ৰ চিএমডি উপস্থিত থকাৰ কথা আছে ৷ অএনজিচি’ৰ চিএমডি গৰাকী উপস্থিতি হোৱাৰ প্ৰাকমুহুূৰ্তত আজি তৈল খাদটোত অইলৰ বিদ্যুৎ বিভাগৰ অভিযন্তা গৰাকী বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু ঘটা ঘটনাই বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাটো স্বাভাৱিক ৷

উল্লেখ্য যে অভিশপ্ত তৈল খাদটোৰ কাৰিকৰী কামত সৃষ্টি হোৱা বাধা আতৰাবলৈ অইল কৰ্তৃপক্ষই লোকবিশ্বাস অনুসৰি কালি বাঘজান ইপিএছটোত নেদেখাজনক সন্তুষ্ট কৰিবলৈ পূজা এভাগ আগমন কৰি এটা কলা ছাগলী মেলি দিছিল ৷

তদুপৰি আজি অইল কৰ্তৃপক্ষই বাঘজান গাঁৱত ডিৰাক সত্ৰৰ পুৰোহিতৰ দ্বাৰা পূজা এভাগ আগবঢ়াই তৈল খাদটোৰ জুইকুৰা নিৰ্বাপনৰ আৰ্শীবাদ বিচাৰি সেৱা জনোৱাৰ পিছমুহূৰ্ততে অইলৰ অৰ্ণৱ কিশোৰ বৰদলৈ বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুৰ মুখত পৰা ঘটনাই বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজক অধিক চিন্তিত কৰি তুলিছে ৷

Exit mobile version