মাখি খেদিবলৈ গৈ অজানিতে আপোন ঘৰখন জ্বলালে ফ্ৰান্সৰ এজন বৃদ্ধই

780380929 H

এটা ক্ষুদ্ৰ মাখিৰ বাবেই সংঘটিত হ’ল বৃহৎ এক অগ্নিকাণ্ড । জ্বলি ছাই হৈ গ’ল সম্পূৰ্ণ এটা ঘৰ । ঘটনাটো সংঘটিত হৈছে ফ্ৰান্সত । এজন ৮২ বছৰ বয়সীয়া বৃদ্ধই এনে মাখি এটা খেদিবলৈ চলোৱা অভিযানৰ নিজ ঘৰতেই অজানিতে জুই লগাই দিয়ে ।

স্বাভাৱিকতে ঘৰৰ ভিতৰত মাখিটো দেখি অসন্তুষ্টি আৰম্ভ হয় বৃদ্ধ জনৰ মনত । চিন্তা কৰিবলৈ আৰম্ভ কৰে মাখিটোক ঘৰৰ পৰা কিদৰে উলিয়াই দিব পাৰি । হঠাৎ বৃদ্ধজনৰ মনত পৰিল পোক-মহ মাৰিবলৈ ঘৰত থকা বৈদ্যুতিক বেটখনৰ কথা । বেটখন আনি মাখিটো খেদিবলৈ আৰম্ভ কৰিলে।

কিন্তু বৃদ্ধৰ ভাগ্য বেয়া আছিল । ঘৰত পূৰ্বৰে পৰা নিঃসৰণ হৈ আছিল গেছ ।ফলত বেটৰ পৰা ওলোৱা বৈদ্যুতিক স্ফুলিংগত মুহূৰ্ততে জুইৰ লেলিহান শিখাই গ্ৰাস কৰি পেলালে সমগ্ৰ ঘৰটো । বৃদ্ধজনো কিছু ক্ষণৰ বাবে আবদ্ধ হৈ পৰে জুইৰ মাজত ।

অসুস্থ হৈ পৰা বৃদ্ধজনক ততাতৈয়াকৈ স্থানীয় এখন হস্পিতালত ভৰ্তি কৰা হয় । শাৰীৰিক অসুস্থতাৰ পৰা ৰক্ষা পালেও মানসিকভাৱে বিপৰ্যস্ত হৈ পৰে বৃদ্ধজন । ফলত দীৰ্ঘদিনলৈ চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয় হাস্পতালত।

Exit mobile version