বশিষ্ঠত বনৰীয়া হাতীৰ বিচৰণ, বনৰক্ষীৰ শূন্যলৈ গুলী

WhatsApp Image 2020 09 09 at 6.28.34 PM

মহানগৰীৰ বশিষ্ঠ মন্দিৰত সমীপত আজি পুৱা এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি অঞ্চলটোত এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হয় । আনকি বনৰক্ষীৰ দলে শূন্যলৈ গুলি ফুটাই হাতীটো গৰভঙা বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় ।

লখৰাস্থিত দক্ষিণ গুৱাহাটী আঞ্চলিক বন কাৰ্যালয়ৰ আঞ্চলিক বন বিষয়া অৰূপ কুমাৰ কলিতাই জানিবলৈ দিয়া মতে আজি পুৱা প্ৰায় ৬.৩০ মান বজাত এটা হাতীক বশিষ্ঠ মন্দিৰ সংযোগী পথৰ জানটোৰ তলত প্রত্যক্ষ কৰে একাংশ লোকে । তাৰপাছত হাতীটো চাবলৈ বহু লোকৰ সমাগম হোৱাত হাতীটোৱে ওলাই আহিবলৈ চেষ্টা কৰে যদিও মানুহৰ হুলস্থুল বেছি হোৱাত হাতীটো ৰৈ যায়।

অৱশেষত বশিষ্ঠৰ খণ্ড বন বিষয়া হোমেন পেগুৰ নেতৃত্বত বশিষ্ঠ খণ্ড বন কাৰ্যালয় আৰু দক্ষিণ গুৱাহাটী আঞ্চলিক বন কাৰ্যালয়ৰ বনকৰ্মীৰ দলে প্ৰায় দুঘণ্টাৰ অন্তত শূন্যলৈ দুজাই গুলি ফুটাই হাতীটো প্ৰায় এক কিঃমিঃ নিলগৰ পূৱ কামৰূপ বন সংমণ্ডল বিষয়া কাৰ্যালয়ৰ ওচৰৰে গড়ভঙা সংৰক্ষিত বনাঞ্চললৈ ৯ বজাৰ পূৰ্বে খেদি পঠিয়াবলৈ সক্ষম হয় ।

 

Exit mobile version