কামাখ্যা মন্দিৰৰ দুৱাৰ পুনৰ খুলিবলৈ তৈয়াৰ কৰা হৈছে ৰোডমেপ

Kamakhya Devi Temple

কৰ’না ভাইৰাছৰ কাৰণে প্ৰায় ৬ মাহ কামাখ্যাৰ দুৱাৰ বন্ধ থকাৰ পিছত পুনৰ মন্দিৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ কৰ্তৃপক্ষই । আনহাতে এই সন্দৰ্ভত কামৰূপ মহানগৰ প্ৰশাসনেও অনুমতি প্ৰদান কৰিছে ৷ ইপিনে ৰাজ্যৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীটো বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ।

তাৰ মাজত মন্দিৰ খোলাৰ সন্দৰ্ভত কামাখ্যা মন্দিৰৰ সভাপতি মোহিত চন্দ্ৰ শৰ্মাই কয় যে তেওঁলোকে ইতিমধ্যে ভক্তসকলৰ কাৰণে ৰোডমেপ তৈয়াৰ কৰা কৰিছে । লগতে মন্দিৰৰ পৰিক্ৰমাৰ কাৰণে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ৷ অৱশ্যে মন্দিৰৰ কৰ্তৃপক্ষই কৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰৰ দুৱাৰ খোলাৰ কোনো প্ৰস্তুতি কৰা নাই বুলি জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত এইবাৰ কামাখ্যাৰ দুৱাৰ মাৰ্চৰ ২০ তাৰিখৰ পৰা বন্ধ আছিল । লগতে কামাখ্যাৰ প্ৰসিদ্ধ অম্বুবাচী মেলাও ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হয় । মোহিত চন্দ্ৰ শৰ্মাই লগতে কয় “কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতিৰ অন্তৰ্গত ২৫০ টা মন্দিৰ আছে । আমি মন্দিৰৰ চাফা কৰা, স্বাস্থ্য কৰ্মী আৰু জৰুৰীকালীন সেৱা লগত জৰিত লোকসকলক নিয়মীয়াকৈ বেতন দি আছো ৷”

আনহাতে ঘৰত থকা লোকসকলক ৪০ শতাংশ বেতন দি৷থকা হৈছে বুলিও জনায় শৰ্মাই । লগতে কয় যে ক’ভিড-১৯ ৰ কাৰণে দিয়া তলাবন্ধটো বিভিন্ন লোকৰ পৰা দান বৰঙনি লাভ কৰিছে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা আনলক ৪ৰ গাইড লাইনত সামাজিক, শৈক্ষিক, ক্ৰীড়া, মনোৰঞ্জন, ধৰ্মীয় অনুষ্ঠানত ১০০ জনতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰিছে ।

এই সন্দৰ্ভত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুৱে কয়, “মন্দিৰ খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি ২১ ছেপ্টেম্বৰলৈকে অপেক্ষা কৰিবলৈ মন্দিৰ পৰিচালনা সমিতিক কোৱা হৈছে । এবাৰ যদি মন্দিৰ খুলি যায় তেন্তে ভক্তসকলক বাধা দিয়াটো কঠিন হৈ পৰিব ।”

Exit mobile version