ক্ষুদ্ধ ড’নাল্ড ট্ৰাম্পঃ বাতিল কৰিলে চীনৰ ১ হাজাৰ ছাত্ৰৰ ভিছা

dfedce2264618d3fd470

চীনৰ বিৰুদ্ধে সততে যিকোনো কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা ড’নাল্ড ট্ৰাম্প প্ৰশাসনে এইবাৰ ১ হাজাৰ গৰাকী চীনা স্নাতক আৰু গৱেষক ছাত্ৰৰ ভিছা বাতিল কৰিছে । এই সন্দৰ্ভত কাৰ্যবাহী গৃহমন্ত্ৰী চেড ৱ’ল্ফে জনায় যে গৱেষক তথা শিক্ষাৰ্থীসকল আমেৰিকাৰ নিৰাপত্তাৰ বাবে বিপজ্জনক বুলি আশংকা প্ৰকাশ কৰি ভিছা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাম্প প্ৰশাসনে ।

ADVERTISEMENT

ইফালে মাৰ্কিন হোমলেণ্ড চিকিউৰিটি ডিপাৰ্টমেন্টে দাবী কৰিছে যে গৱেষণাৰ সুযোগতে এইসকল গৱেষক শিক্ষাৰ্থীয়ে আমেৰিকাৰ সংবেদনশীল তথ্য কৌশলগতভাৱে সংগ্ৰহ কৰি চীনা সৈন্য বাহিনীৰ হাতত অৰ্পণ কৰাতো বন্ধ কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে ।

লগতে চেড উল্ফে দাবী কৰে যে চীনৰ শিক্ষাৰ্থীসকলে ভিছাৰ অপব্যৱহাৰ কৰি কৰ’না ভাইৰাছ, শিল্প আৰু বাণিজ্য ক্ষেত্ৰৰ তথ্য চুৰিৰ দৰে গুপ্তচৰ বৃত্তি চলাই আহিছে । তেওঁলোকৰ আমেৰিকাৰ শিক্ষাটো নেতিবাচক হিচাপে গ্ৰহণ কৰিছে  ৷ তদুপৰি চীনে জিনজিয়াং অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ ওপৰত অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিছে আমেৰিকাই ।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ড’নাল্ড ট্ৰাম্পে কৈছিল যে হংকঙৰ লগতো চীনৰ দৰে ব্যৱহাৰ কৰা হ’ব ৷ আনহাতে চীনে হংকঙৰ কাৰণে নতুন ৰাষ্ট্ৰীয় সুৰক্ষা নীতি সংশোধন কৰিছিল  ৷ ইয়াৰ পাছতে ট্ৰাম্পে এক বিশেষ আদেশত চহী কৰি হংকঙে লাভ কৰা বিশেষ আৰ্থিক সাহাৰ্য্যত প্ৰতিবন্ধকতা আৰোপ কৰিছিল ।

এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল যে এতিয়াৰ পৰা কোনো বিশেষ অধিকাৰ, আৰ্থিক সুবিধাৰ বা কোনো প্ৰযুক্তি বিদ্যাৰ ব্যৱসায় নহ’ব । আনহাতে কৰ’না ভাইৰাছক লৈ চীনক ক্ষুৰধাৰ সমালোচনা কৰি আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত চীনৰ বিৰুদ্ধে লৈছে এটাৰ পাছত আনটো সিদ্ধান্ত।

Exit mobile version