- অসমত নতুনকৈ ২২৪৩ জন ৰোগীৰ দেহত পোৱা গৈছে ক’ভিড-১৯৷ ইয়াৰে পজিটিভ চিনাক্তসকলৰ মাজত আছে কামৰূপ মহানগৰৰ ৬৪১, ডিব্ৰুগড়ৰ ১৭০, যোৰহাটৰ ১৪০ আৰু লখিমপুৰৰ ১০৬জন ৷ ইয়াৰ লগে লগে ৰাজ্যত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ১,৩৩,০৬৬ জনলৈ বৃদ্ধি পালে ।
- বাঘজানৰ তৈল খাদৰ জুই নিৰ্বাপনৰ দায়িত্ব অ’ এন জি চিক দায়িত্ব দিয়া হোৱা নাই । এই কথা স্পষ্ট কৰিছে অইল ইণ্ডিয়া লিমিটেডে ।উল্লেখ্য যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ে এই অনিৰ্বাপিত জুই নোমোৱাৰ দায়িত্ব অ’এন জি চিক দিয়া বুলি বাতৰি প্ৰচাৰ হৈছিল।
- নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকা আবণ্টন দিয়া পদক্ষেপক ৰাজ্যিক বিজেপিয়ে আদৰণি জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে । এই বৃহৎ সংখ্যক টকাৰে সাৰ কাৰখানাটোত পুনৰোজ্জীৱিত কৰি অধিক কাৰ্যক্ষম কৰি তুলিব বুলি ৰাজ্যিক বিজেপিয়ে জানিবলৈ দিয়ে।
- NIA ৰ এক বিশেষ আদালতে ২০১৪ চনৰ বৰ্ধৱান বিস্ফোৰণত জৰিত জামাত-উল-মুজাহিদীন বাংলাদেশৰ চাৰি সন্ত্ৰাসবাদীৰ শাস্তি ঘোষণা কৰিছে আদালতখনে সন্ত্ৰাসবাদীকেইজনক সাত বছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ টকাকৈ জৰিমনা বিহিছে ।
- দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত আজি পুৱা ১০বজাত হাৰিয়ানাৰ আম্বালা বায়ু সেনাৰ চাউনীত হোৱা এক বিশেষ অনুষ্ঠানত সৰ্ব ধৰ্ম পূজাৰ জৰিয়তে ভাৰতীয় সেনালৈ স্বাগতম জনোৱা হয় ৫খনকৈ ৰাফেল যুঁজাৰু বিমানক ৷ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে উপস্থিত থাকে ফান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ।