ছমাহ তাজমহল বন্ধ, পৰ্যটন উদ্যোগৰ ২,২০০ কোটি টকাৰ ক্ষতি

Taj Mahal Agra India

তলাবন্ধৰ দীর্ঘ স্থবিৰতা আঁতৰাই অহা ২১ ছেপ্টেম্বৰৰ পৰা আগ্ৰাৰ সকলােবােৰ ধৰ্মীয় স্থান মুকলি কৰাৰ অনুমতি দিয়া হৈছে । তাজমহলাে ২১ ছেপ্টেম্বৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব । কৰ’না সংকটৰ পৰিপ্ৰেক্ষিতত বিগত ছমাহ ধৰি আগ্ৰাৰ এই বিশ্বখ্যাত স্মৃতিসৌধ পর্যটকৰ বাবে সম্পূর্ণৰূপে বন্ধ হৈ আছিল।

পর্যটন বিভাগে প্রকাশ কৰা মতে, বিগত ছমাহত তাজমহল বন্ধ হৈ থকাৰ ফলত আগ্ৰাৰ পৰ্যটন উদ্যোগত ২,২০০ কোটি টকাৰ ক্ষতি হয় । ২১ ছেপ্টেম্বৰৰ পৰা তাজমহলৰ দুৱাৰ পৰ্যটকৰ বাবে মুকলি হ’লেও কেতবােৰ নিয়ম-নীতি মানি চলিহে পর্যটকে এই স্মৃতিসৌধ দৰ্শনৰ সুবিধা লাভ কৰিব। দিনত দুবাৰকৈ ২৫০০ দর্শনার্থীসহ মুঠ ৫০০০ দর্শনার্থীয়ে তাজমহলত প্ৰৱেশ কৰিব পাৰিব ।

আগ্রাত কমেও ৬৫০ পঞ্জীভুক্ত হােটেল আৰু ৩৫০০ জন অনুজ্ঞাপত্ৰধাৰী গাইড আছে । তদুপৰি ৮০০ জন পঞ্জীভুক্ত ফটোগ্রাফাৰেও তাজমহললৈ অহা পৰ্যটকক ফটোগ্রাফীৰে সেৱা আগবঢ়াই আহিছে। বিগত ছমাহ ধৰি অঞ্চলটোৰ সকলােবােৰ হােটেল বন্ধ থকাৰ লগতে গাইড আৰু ফটোগ্রাফাৰসকল নিবনুৱা হৈছিল । কেৱল টিকটৰ মাচুলৰ বাবদ বিগত ছমাহত তাজমহলে ৭২ কোটি টকা হেৰুৱালে।

Exit mobile version