প্ৰত্যাক্ৰমণৰ কাৰণে সাজু ভাৰত

প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈছে ভাৰত ৷ ভাৰত চীন সীমান্তত অহৰহ প্ৰৰোচনামূলক আচৰণ প্ৰদৰ্শন কৰি আহিছে চীনে ৷ চলাইছে স্থিতাৱস্থা ভংগৰ অপচেষ্টা । সষ্টম হৈ থকা ভাৰতে চীনৰ অপচেষ্টা ব্যাহত কৰিবলৈ সক্ষম হৈছে । বিগত দিনবোৰত ভাৰতীয় সেনাই লাডাখ অঞ্চলত উচ্চস্থানত সুবিধাজনক অৱস্থান গ্ৰহণ কৰি প্ৰতিৰোধ গঢ়ি তোলাৰ পাছত অধিক অস্থিৰ হৈ পৰিছে চীন ।

এই অঞ্চল দখললৈ নিবলৈ চীনে বাৰম্বাৰ চেষ্টা চলোৱাৰ পাছত পৰহি আনকি গুলিচালনাও কৰে ৷ ইয়াৰ পাছতে ভাৰতে সকীয়াই দিয়ে যে উচ্চস্থানৰ প্ৰতিৰক্ষা যদি অনুপ্ৰবেশকাৰী চীনে ভংগ কৰে তেন্তে ভাৰতে তাৰ যোগ্য প্ৰত্যুত্তৰ দিব ৷ প্ৰতিৰক্ষা শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰে । পূব লাডাখৰ পাংগং হ্ৰদৰ উচ্চ স্থানত নটা সৰু সৰু শৈলশিৰা অথবা ফিংগাৰ আছে ৷

চীনা সেনা এই অঞ্চলৰ ফিংগাৰসমূহ দখল কৰি আছিল আৰু সৰু সৰু নদীৰ পাৰত চীনা শিবিৰ দেখা গৈছিল । কিন্তু ভাৰতে সম্প্ৰতি চীনা সেনাবাহিনীক প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ভাৰতৰ দিশৰ পৰা বাহিৰ কৰি পুনৰ পূৰ্বৰ কৌশলী অৱস্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে ।

সূত্ৰটোৱে কয় যে চীনে হেৰুৱা মাটি পুনৰ হেৰুৱাব বুলি পূৰ্বানুমান আছিল ৷আৰু চীনৰ কাৰ্যকলাপ শীৰ্ষ মহলে নিয়ন্ত্ৰণ কৰি আছে । চীনা বাহিনীৰ কামাণ্ডাৰৰ দ্বাৰা এইসমূহ কাৰ্যকলাপ নিয়ন্ত্ৰণ হোৱা নাই । সম্প্ৰতি ভাৰতীয় সেনাই এনে অৱস্থানত কাঁটা তাঁৰৰ বেৰ নিৰ্মাণ কৰিছে  ৷ “যদি চীনা সৈন্যই এয়া অতিক্ৰম কৰিবলৈ চেষ্টা কৰে তেন্তে ৰেডলাইন অতিক্ৰম কৰা হ’ব।”

ইপিনে উপগ্ৰহৰ পৰা সংগৃহীত ছবি অনুসৰি পাংগং হ্ৰদৰ উত্তৰপাৰত চীনে নতুনকৈ নিৰ্মাণ কাৰ্য চলাই আছে ৷ আৰু সংঘৰ্ষ অব্যাহত থকা দক্ষিণ পাৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সীমান্ত চকী বহুৱাইছে ৷ পাংগং হ্ৰদৰ উত্তৰপাৰত ফিংগাৰ৫ অঞ্চলত চীনে ব্যাপক নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে ।

আনহাতে ২৯ আৰু ৩০ আগষ্টত ভাৰতীয় সেনাই চীনক দিয়া উচিত প্ৰত্যুত্তৰৰ পিছত চীনে এতিয়া সীমান্তত সেনা নিয়োগ কৰিছে ৷ ইপিনে ভাৰত-চীন সীমান্তত প্ৰতি বাৰেই চীনে সকলো চুক্তি উলংঘা কৰি আহিছে ৷ তাৰ মাজতে সাত ছেপ্তেম্বৰটো ভাৰতীয় সেনা বাহিনীয়ে চীনা সৈন্যক সীমান্তৰ পৰা পিছুৱাবলৈ সক্ষম হয় । আনহাতে স্পানগুৰ হ্ৰদৰ আশে পাশে চীনে দুটা সেনা বাহিনীৰ দল নিয়োগ কৰে ৷

এইসকলো সেনা বাহিনী শিখৱানত থকা ৬২ কামাণ্ড আৰ্ম ফৰ্চ ব্ৰিগ্ৰডৰ অংশ । ভাৰতীয় সেনাৰ মতে যোৱা ২৯-৩০ আগষ্টত পাংগঙৰ হ্ৰদৰ ১৪ হেজাৰ ফুট উচ্চতাত চীনা বাহিনীয়ে দুবাৰকৈ অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল ।এক নতুন অঞ্চলেৰে চীনে একপক্ষীয়ভাৱে স্থিতাৱস্থা সলনি কৰিবলৈ চেষ্টা চলোৱা বুলি ভাৰতে অভিযোগ কৰি আহিছে ৷

ভাৰত চৰকাৰৰ স’তে পাংগং হ্ৰদৰ দক্ষিণ পাৰেৰে চীনৰ এই অনুপ্ৰবেশৰ প্ৰচেষ্টা পূৰ্বৰে পৰা সস্ত্ৰম হৈ থকা বাবে প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই । ৩১ আগষ্টৰ ঘটনাটো দিনৰ ভাগতে সংঘটিত হৈছিল ৷ এক অভিযানকালীন ভাৰতীয় সেনাক চীনা সেনা বাহিনীয়ে ঘেৰি ধৰি উচ্চস্থানৰ অঞ্চল দখল কৰিবলৈ চেষ্টা কৰিছে ৷

সূত্ৰত প্ৰকাশ যে চীনা সেনাক অধিক অগ্ৰসৰ নহ’বলৈ সকীয়নি দিয়া হয় আৰু চীনা সামৰিক কমাণ্ডাৰসকলক উত্তেজনা প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল’বলৈ কোৱা হয় । ইপিনে ভাৰতীয় সেনাই প্ৰকাশ কৰা চিত্ৰ অনুসৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ মুখপৰিত থকা ভাৰতীয় সেনাৰ অৱস্থানৰ দিশলৈ সশস্ত্ৰ চীনা পদাতিক বাহিনী আগুৱাই অহাত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰমৰ চেষ্টা কৰিলে পৰিণাম ভূগিব লাগিব বুলি ভাৰতে সকীয়াই দিয়ে ৷

আগ্ৰাসী বাহিনীটো উভতি যোৱাৰ সময়তে চীনা সেনাই শূন্যত সকীয়নিমূলক গুলিচালনা কৰে । মে’ত পূব লাডাখত আৰম্ভ হোৱা সংঘৰ্ষৰ পাছত দুয়ো দেশৰ মাজত কূটনৈতিক, ৰাজনৈতিক আৰু সামৰিক পৰ্যায়ত বহুলানি আলোচনা হৈছে যদিও সেয়া ফলপ্ৰসূ হোৱা নাই। চীনা সেনাই অনুপ্ৰবেশ কৰা ভাৰতীয় অঞ্চলবোৰ এই পৰ্যন্ত পৰিত্যাগ কৰা নাই আৰু পূৰ্বৰ প্ৰকৃত স্থানলৈ উভতি যোৱা নাই । লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক লৈ ভাৰত আৰু চীনৰ মাজত মত পাৰ্থক্য আছে।

Exit mobile version