ৰাফেল যুঁজাৰু বিমান ভাৰতীয় বায়ুসেনাত অন্তৰ্ভূক্ত হোৱাটো সমগ্ৰ বিশ্বৰ কাৰণে প্ৰত্যাহ্বান স্বৰূপঃ ৰাজনাথ সিং

pjimage 31

ফান্সৰ পৰা অনা ৫ খন আধুনিক যুঁজাৰু বিমান আজি হাৰিয়ানাৰ আম্বালাস্থিত বায়ুসেনা বাহিনীলৈ স্বাগতম জনোৱা হয় । এই ঐতিহাসিক মূহুৰ্তত দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে কয় “ৰাফেল যুঁজাৰু বিমান ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হোৱাৰ ক্ষণটো সমগ্ৰ বিশ্বৰ কাৰণে প্ৰত্যাহ্বান স্বৰূপ । বিশেষকৈ তেওঁলোকৰ কাৰণে যিসকলে আমাৰ নিজস্বতাত চকু দি আছে। মই বায়ুসেনাৰ সকলো কৰ্মকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰিছো ।”

ADVERTISEMENT

আনহাতে বায়ুসেনা প্ৰধান আৰ কে ভদোৰিয়াই কয় যে সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে ৰাফেল যুঁজাৰু বিমানক বায়ুসেনালৈ স্বাগতম জনাবলৈ এইয়াই উত্তম সময় ৷ উল্লেখযোগ্য যে আজি পুৱা আম্বালাস্থিত বায়ুসেনা চাউনীত সৰ্ব ধৰ্ম পূজাৰ জৰিয়তে ৰাফেল যুঁজাৰু বিমানক বায়ুসেনালৈ স্বাগতম জনোৱা হয় ৷ আম্বালাৰ বায়ু সেনাৰ সৃষ্টি হয় ইতিহাসৰ ৷ ১৭ বছৰৰ পাছত দেশৰ কোনো প্ৰতিৰক্ষামন্ত্ৰী হাৰিয়ানাৰ আম্বালাৰ বায়ু সেনাৰ চাউনীত হোৱা অনুষ্ঠানত ভাগ লয় ।

ইপিনে ভাৰতে ফান্সৰ পৰা ২০১৬ ত ৫৮ হাজাৰ কোটি টকাত ৩৬ খন ৰাফেল যুঁঁজাৰু বিমান ক্ৰয় কৰিছিল ৷ ইয়াৰ ভিতৰত ৩০ খন যুঁজাৰু বিমান আৰু বাকী ৬ হ’ব প্ৰশিক্ষণপ্ৰাপ্ত এয়াৰক্ৰাফ্ট । জুলাই পাঁচ তাৰিখে ৫ খন ৰাফেল যুঁজাৰু বিমান আগমণ হয় ভাৰতলৈ । ২৭ জুলাইত সাতজন ভাৰতীয় পাইলটে ৰাফেল লৈ ফান্সৰ পৰা ভাৰতলৈ বুলি ৭০০০ কিলোমিটাৰেৰে ২৯ জুলাইত ভাৰতত উপস্থিত হয় ।

Exit mobile version