চক্ৰশিলা অভয়াৰণ্যত বৃদ্ধি পাইছে সোণালী বান্দৰৰ জনসংখ্যা

11c6e05e 4205 47f0 a595 722f07aa041c 1

অসমৰ বাবে এক সুখবৰ । বিশ্বৰ প্ৰায় লুপ্তপ্ৰায় প্ৰাণীৰ ভিতৰত অন্যতম সোণালী বান্দৰৰ জনসংখ্যা বৃদ্ধি পাইছে অসমত । Primatologist দিলীপ ছেত্ৰীৰ নেতৃত্বত যোৱা এটি গৱেষকৰ দলৰ এক গৱেষণাত চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যত সোণালী বান্দৰৰ জনসংখ্যা বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে । গৱেষণাত সহায় কৰা আনকেইজন লোক হৈছে মৃদুপৱন ফুকন, ৰেখা ছেত্ৰী, আৰ এন বড়ো, অৰূপ কুমাৰ দাস আৰু পি চি ভট্টাচাৰ্য ।

অধ্যয়নত স্পষ্ট হৈছে যে, চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ প্ৰায় লুপ্তপ্ৰায় সোণালী বান্দৰৰ বাবে এক সুৰক্ষিত ঠাই । বিশ্বৰ ২৫ টা লুপ্তপ্ৰায় প্ৰাণীৰ ভিতৰত অন্যতম সোণালী বান্দৰ, যাক ভাৰত আৰু ভূটানত পোৱা যায়। বৰ্তমান বিশ্বব্যাপী সোণালী বান্দৰৰ জনসংখ্যা প্ৰায় ১০ হেজাৰতকৈ কম।

কিন্তু সম্প্ৰতি ভূটানত এই সোণালী বান্দৰৰ জনসংখ্যা আগৰ তুলনাত হ্ৰাস পাইছে বুলি এক গৱেষণাটোত প্ৰকাশ পাইছে । সোণালী বান্দৰৰ সৰ্বমুঠ জনসংখ্যাৰ ৩৬ ৰ পৰা ৪০ শতাংশ ভূটানত আৰু ৬০ ৰ পৰা ৬৪ শতাংশ অসমত আছে ।

অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ অন্তৰ্গত প্ৰায় ৪৫০০ হেক্টৰৰ চক্ৰশিলা বন্যপ্ৰাণী সংৰক্ষিত অভয়াৰণ্যখন সোণালী বান্দৰৰ বাবে প্ৰখ্যাত আৰু ই ভাৰতৰ সোণালী বান্দৰৰ দ্বিতীয় সংৰক্ষিত বসতিস্থল । অভয়াৰণ্যখনৰ নিম্নাঞ্চল শাল গছে আৱৰি থকাৰ বিপৰীতে মধ্য আৰু উচ্চাঞ্চলত পৰ্ণপাতী উদ্ভিদৰ প্ৰাচুৰ্য দেখা যায়।

Exit mobile version