DCGIৰ জাননীৰ পাছতেই ভাৰতত স্থগিত কৰা হয় ছেৰাম ইনষ্টিটিউটৰ কৰ’না ভেকচিনৰ ট্ৰায়েল

astrazeneca 1 884647 1599627479

পুনেৰ ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই অক্সফ’ৰ্ড আৰু AstraZeneca কৰ’না ভেকচিনৰ ট্ৰায়েলত স্থগিত কৰিছে । ব্ৰিটেইনত ট্ৰায়েল বন্ধ কৰাৰ পাছত ড্ৰাগ কন্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়াই বুধবাৰে পুনেৰ ছেৰাম ইনষ্টিটিউটক ট্ৰায়েল বন্ধ কৰাৰ কাৰণ জানিব বিচাৰে আৰু লগতে জাননীও জাৰি কৰে।

ইপিনে অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ফাৰ্ম কোম্পানীয়ে AstraZeneca কৰ’না ভেকচিন তৈয়াৰ কৰিছে । ইয়াৰ ট্ৰায়েল ভাৰতৰ লগতে বহু দেশত হৈ আছে  ৷ দুদিন পূৰ্বে এজন ব্যক্তিৰ দেহত ভেকচিন লোৱাৰ পাছত অসুস্থ হোৱাৰ কাৰণে ব্ৰিটেইনত ট্ৰাইল বন্ধ কৰি দিয়ে ৷

এই সন্দৰ্ভত ছেৰাম ইনষ্টিটিউটে কয় “আমি পৰিস্থিতিৰ সমীক্ষা কৰিছো ৷ আৰু ভাৰতত ট্ৰায়েল বন্ধ কৰি দিয়া হৈছে । আমি ড্ৰাগ কন্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়াৰ নিৰ্দেশক পালন কৰিছো ৷”

উল্লেখযোগ্য যে AstraZeneca ক’ভিড-১৯ ভেকচিনৰ শেষপৰ্যায়ৰ অধ্যয়ন এজনৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া আৰু অসুস্থতাৰ বাবে স্থগিত কৰে । এই সন্দৰ্ভত মঙলবাৰে বিয়লি কোম্পানীটোৱে কয় যে, শুদ্ধ তদন্তৰ খাতিৰতে বৰ্তমান অধ্যয়ন স্থগিত ৰখা হৈছে আৰু উচ্চ পৰ্যায়ৰ পৰ্যালোচনা কৰা হৈছে । কিন্তু AstraZenecaই এই সন্দৰ্ভত কোনো স্পষ্ট মত প্ৰকাশ কৰা নাই ।

উল্লেখ্য যে, যোৱা মাহৰ শেষৰ ভাগত AstraZeneca ৰ আৰম্ভ হৈছিল আৰু ইয়াৰ বাবে আমেৰিকাৰ ৩০ হেজাৰ লোকক ভৰ্তি কৰোৱা হৈছিল । এইটো আছিল ক’ভিড ভেকচিনৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ অধ্যয়ন । লগতে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা তৈয়াৰী এই ভেকচিনৰ পৰীক্ষণ কৰিছিল ব্ৰিটেইন, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ কিছু সংখ্যকে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন দুটা ভেকচিনৰ অন্তিম পৰ্যায়ৰ পৰীক্ষা কৰি থকা হৈছে । তাৰে এটা Moderna Inc. ৰ দ্বাৰা তৈয়াৰী আৰু আনটো পিফাইজাৰ আৰু জাৰ্মানৰ বায়’এনটেকৰ দ্বাৰা তৈয়াৰী । AstroZenecaৰ তুলনাত দুয়োটা ভেকচিনে বেলেগ বেলেগ কাম কৰে ।

উল্লেখ্য যে, AstraZeneca হৈছে তৃতীয়টো সংস্থা যি বৃহৎ মাত্ৰাত ভেকচিনৰ তৃতীয় ঢাপৰ ক্লিনিকেল ট্ৰায়েল কৰিছে । আনহাতে, এই ক্ষেত্ৰত সংস্থাটোৱে জনায় যে, অধিক হাৰত ভেকচিনৰ ট্ৰায়েল কৰিলে এনে ধৰণৰ অসুস্থতা দেখা দিয়েই । অৱশ্যে, কি কাৰণে ব্যক্তিজন অসুস্থ হৈ পৰিল সেয়া এতিয়াও স্পষ্ট কৰা নাই সংস্থাই  ।

Exit mobile version